পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮৯২
অসমীয়া সাহিত্যৰ চানেকি।

উঠা উঠা মহাঋষি পৰিহৰা ভয়।
তোমাৰ দুখক দেখি নসহে হৃদয়।
দুৰ্ব্বাসাক পাৰ কৰি ৰাজা আগ হুয়া।
চক্ৰক সমুখে ৰৈলা স্তুতি আৰম্ভিয়া॥
শুনা সভাসদ পদ মহন্তৰ মন।
দুৰ্ব্বাসায়ে বধিবাক কৰিলা যতন॥
তথাপিতো দায়ায়ে ৰাখিলা তান প্ৰাণ।
বিষ্ণু ভকতৰ সম পাইবা কোন থান॥
আৰ এক কথা কহো তাত মন দিবা।
বৈষ্ণৱৰ দ্ৰোহ কেহো জনে নাচৰিবা॥
দুৰ্ব্বাসা পাইলন্ত দেখা কেনে মহাদুখ।
বৎসৰেক মানে তান নাছিলেক সুখ॥
ব্ৰহ্মা বিষ্ণু মহেশেয়ো যাক নাৰাখিলা।
দশোদিশ গুহা গিৰি পৰ্ব্বতে পশিলা॥
অম্বৰীষ ৰাজ ঋষি কৰিলন্ত ত্ৰাণ।
আন দ্ৰোহ আচৰি সাৰিব কোন থান॥
এতেকতে বৈষ্ণৱক কৰিব সৎকাৰ।
ভাগৱত শাস্ত্ৰে আক কহে বাৰম্বাৰ॥
হে প্ৰভো! নমো তযু চৰণ যুগলে।
বৈষ্ণৱ সবক নমো মহা কৌতুহলে॥
মই মহা অপৰাধী জানা নাৰায়ণ।
তোমাৰ চৰণে হেৰা পশিলোঁ শৰণ॥
সিতো অপৰাধ আবে ক্ষমিয়োক বাপ।
হেনবা এৰাও ঘোৰ সংসাৰৰ তাপ॥
দাস কৰি লৈয়ো প্ৰভু কৰিলোঁ গোচৰ।
সুমৰন্তে কাম্পৈ হৃদি ঘোৰ যম ঘৰ॥
নাম বিনে নাই জানা সংসাৰ তাৰণ।
নামত সবেও শীঘ্ৰে পশিয়ো শৰণ॥
তযু ৰূপ হৃদয়ে মুখত তযু নাম।
এই দুই বাঞ্ছা মোৰ নাই আন কাম॥
কহয় কেশৱ দাস আতি শিশু মতি।
বোলা ৰাম ৰাম সবে হৌক সদগতি॥