পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৭০

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮৮৯
ভাগৱত—নৱম স্কন্ধ।

শুনিয়োক দ্বিজ! মই নুহো স্বতন্তৰ।
কেৱলে অধীন যেন ভৈলোঁ বৈষ্ণৱৰ॥
ভকত জন প্ৰিয় মই আতিশয়।
ভকতেও মোত পৰে নজানে নিশ্চয়॥
মই ভকতত পৰে আন নজানোহো।
তোমাৰ আগত ঋষি দৃঢ় কৰি কহোঁ॥
বৈষ্ণৱ সবক মাত্ৰ কৰো মই ধ্যান।
মোক তেজি তাৰা আৰ নজানয় আন॥
দেখা ইতো কেনে মোৰ শ্ৰেষ্ঠ কলেৱৰ।
ভকতৰ দেখোঁ আত কৰি প্ৰিয়তৰ॥
আতো বাঞ্ছা নাই মোৰ ভকতক এৰি।
মহা স্নেহে বন্দী কৰি আছৈ প্ৰেম জৰী॥
দেখা মোৰ লক্ষ্মী এহো মহা প্ৰিয়তম।
বক্ষস্থলে স্থান তাঙ্ক দিলোহো পৰম॥
তাহাতো অধিক মোৰ স্নেহ ভকতত।
তোমাৰ আগত ঋষি কৈলো স্বাৰস্বত॥
মই সে পৰম গতি জানা তাসম্বাৰ।
মোত পৰে কিঞ্চিতেকো নেদেখয় সাৰ॥
গৃহ পুত্ৰ দ্বাৰা ধন জন প্ৰাণ চিত্ত।
মোত প্ৰীতি অৰ্থে সবে তেজিলা সমস্ত॥
ইহ পৰ লোকৰ সুখত এড়ি আশ।
কেৱলে মোতে সে মাত্ৰ কৰিলে বিশ্বাস॥
কায় বাক্য মনে লৈলা মোতেসে শৰণ।
কেন মতে তেজিবাক মোৰ হৈবে মন॥
মোতে সে হৃদয় সবে বন্ধ কৰিলন্ত।
শত্ৰু মিত্ৰ উদাসীন একো নেদেখন্ত॥
সদা ভক্তি ভাৱে মোক বশ্য কৰিলন্ত।
তাসম্বাৰ গুণ কহি নপাওঁ মই অন্ত॥
যেন মহা শান্তী সবে স্বামীক সেৱয়।
সেহি মতে মোক সেবা কৰে ভক্ত চয়॥