পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৬৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৮৮৪

অসমীয়া সাহিত্যৰ চানেকি।। আৰো ফল দিব আবে। মোৰ হাতে কৈক যাইবে। জাজ্বল্য অগনি প্ৰাই। চাহিবাক শক্য নাই! ক্ৰোধ আতি বাঢ়ি যাই। অগনিৰ সখ্য প্ৰাই। খঙ্গে চক্ষু ফুৰাৱন্ত। সবে লোক পলাৱন্ত। ভোজনৰ আশা ভঙ্গে।। ৰাজাক মাতিলা খঙ্গে। শুন অৰে তাম্বৰীষ। তোৰ কৰ্ম্ম দুৰ্গৰিষ। মোৰ শাপ পৰ চণ্ড। পাৰ তই আক, খণ্ড। ঋষি ক্ৰোধে উঠিল। জটা এক ছিন্দিলন্ত। দশোদিশে প্ৰকাশিয়া। প্ৰজ্বলিত অগ্নি হুয়া॥ প্ৰলয়ৰ অগ্নি সম।। যেন কালানল যম।। দেহ জ্বলে নিৰুপম। তাহাক নাহিক সম। হাতে তীক্ষ খাণ্ডা ধৰি। চলি যাই শীঘ্ৰ কৰি। কাম্পৈ ভূমি ভৰি ভৰে। চাই আছৈ লোকে ডুৰে। দেখিলন্ত অম্বৰীষে। কৃত্যানলে দহি আসে। তৈৰ পৰা মুহিলন্ত। কৃষ্ণ ৰূপ চিন্তিলন্ত। দেখিলেক সৰ্বলোকে। পাইল মহাভয় শোকে। মহাৰাজা নষ্ট হন্ত। শোকে লোক কান্দিলন্ত। শুনা সভাসদগণ। কথাত দিয়োক মন। ভক্তি কৰে যিতো নৰ।। কাহাকে নকৰৈ ডৰ। সাখী ভৈলা অৰীষে। শুনা কথা সহৰিষে। দুৰ্বাসায়ে শাপ দিল। ভীতি কিছু নুপুজিলা। কৃষ্ণতেসে তান মন। কি কৰিবে বিঘ্নিগণ। জানি হৰি ভজিয়োক। সংসাৰক তৰিয়েক। মোক ক্ৰোধ নকৰিবা।। শাস্ত্ৰতো আকেসে পাইবা। কহয় কেশৱ দাস। কৃষ্ণতেসে তান আশ। ছাৰি ভাস ভূষ কাম। গলত বান্ধিয়ো নাম। সমজ্যাৰ যত জনে।। ৰাম বোলা ঘনে ঘনে। শুক নিগদতি ৰাজা শুনা আবে পাছে। কৃত্যানলে খেদি আসে তাম্বৰীষ কাছে।