পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৬৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৮৮৩
ভাগৱত—নৱম স্কন্ধ।

নানা পাপ আচৰিল ঐত মহাৰঙ্গে।
যমদূতে কোবাইব লোহাৰ ডাঙ্গে খঙ্গে॥
নমো নমো হে কৃষ্ণ মই দুৰাশয়।
কিঞ্চিতেক কৃপা মোকে কৰা কৃপাময়॥
শৰণ পশিলোঁ কৃষ্ণ কবা মোক দায়া।
মই মহা পাতকীৰ দূৰ কৰা মায়া॥
তযু ৰূপ হৃদয়ে মুখত তযু নাম।
তেবেসে নিস্তাৰা ডাকি বোলা ৰাম ৰাম॥

ঝিমুড়ী

ঋষি পাছে দেখিলন্ত। নৃপতিয়ে ভুঞ্জিলন্ত। চিতত নাহিকে শান্ত। মহাক্ৰোধ কৰি চান্ত। তেলিয়াৰ যেন দান্ত। ঋষি চোবাৱন্ত দান্ত। ঘনে ঘনে ফোকান্ত। ক্ৰোধে হাসি তুলিলন্ত। কুটি কুটিল মুখ। মনত মিলিল দুঃখ || তাহান দেখিয়া মুখ। কাৰৰ মনে নাহি সুখ। কাম্পয় সকলে গাৱ। যেন লাগি মহাবাৱ। তাহান দেখিয়া ভাৱ!! নাহিকে কাহাযো ৰাৱ ক্ষুধায়ে পীড়িত হুয়া। বুলিলা সভাক চায়।।। মোৰ বাক্যে মন দিয়া। নিদাৰুণ আৰ হিয়া। মোক নিমন্ত্ৰণ দিয়া। আগে অছৈ ইতো খায়। সবে ধৰ্ম্ম এড়িলেক। অধৰ্ম্মক কৰিলেক। আপুনাক বড় দেখে। অল্প কৰি মোক লেখে। গৰ্বে আখি নেদেখ। কেন মতে হৃদি সয়। ভকত বোলাই ইতো। ব্ৰাহ্মণক হেলে যিতো।। বৈষ্ণৱৰ নুহি মত। ইতো কৰৈ যত যত। অতিথিক এড়ি খাই। • শুনি আছ। কোন ঠাই।। ধন জন আতি পাই। মহা গ বাঢ়ি যাই। জানো যেবে ইতে খাইবে। মোক বলৈ কিয় তেবে।