পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮৮২
অসমীয়া সাহিত্যৰ চানেকি।

অধৰ্ম্মে নপাৱে আবে যেন মতে মোক।
এহি কথা মোত ঋষি সবে কহিয়োক॥
অন্যে অন্যে ঋষি সবে বুলি ৰাজাক।
শুনিয়োক ৰাজ ঋষি আমাৰ কথাক॥
কেৱল জলক তুমি কৰিবোঁ পাৰণা।
ভোজন নুহিকে আপুনিয়ে মনে গুণা॥
ব্ৰত সাঙ্গ দুই জানা জলক ভুঞ্জিলে।
আৰো একাক্ষণে আসি ত্ৰয়োদশী মিলে॥
ঋষি সকলৰ বাক্য ৰাজা শুনিলন্ত।
মহাশুদ্ধ হুয়া পাছে জল ভুঞ্জিলন্ত॥
অচ্যুতৰ চৰণক সততে চিন্তন্ত।
ঈশ্বৰৰ মূৰ্ত্তি ৰাজা মনত নেৰন্ত॥
ব্ৰাহ্মণক বাট চাই মহাৰাজা ৰৈলা।
শুনিয়োক কুৰু শ্ৰেষ্ঠ যেন কথা ভৈলা॥
দুৰ্ব্বাসাৰ সাঙ্গ ভৈলা নিত্য কৃত্যচয়।
কালিন্দী জলৰ উঠিলন্ত মহাশয়॥
যমুনা কূলৰ পৰা ঋষি আসিলন্ত।
অম্বৰীষ মহানৃপে তাঙ্ক দেখিলন্ত॥
নমস্কাৰ কৰিলন্ত তাঙ্ক জানু শিৰে।
কৃতাঞ্জলি হুয়া নম্ৰে ৰৈলা মহাবীৰে॥
শুনা সভাসদ সব যুগুতি বচন।
কৃষ্ণৰ নামক মাত্ৰ কৰিয়ো যতন॥
সাধু সঙ্গ লৈয়া শুনিয়োক হৰি কথা।
ইহেন মনুষ্য জন্ম নকৰিয়ো বৃথা॥
পুত্ৰ দ্বাৰা ধন জন আত নকৰা আশ।
যমদূতে বান্ধি নিবে তাক নাই ত্ৰাস॥
বিষ্ঠাৰ গৰ্ভত পেলাইবেক উলটাই।
বিন্ধিবেক জিহ্বাক তপতু শালা বাই॥
যিতো মুখে নুবুলিলে ৰাম কৃষ্ণ হৰি।
চৱৰতে দান্ত সৰাইবেক দূতে ধৰি॥