পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮৮১
ভাগৱত—নৱম স্কন্ধ।

ব্ৰাহ্মণ সবৰ আজ্ঞা ৰাজায়ে পাইলন্ত।
ভোজন কৰিবে লাগি নৃপে যে চাহন্ত॥
সেহি সময়ত আসি দুৰ্ব্বাশা মিলিলা।
তাঙ্ক দেখি অম্বৰীষে আনন্দে উঠিলা॥
বসিবাক লাগি ৰাজা আসন দিলন্ত।
আনন্দিত হুয়া ঋষি তাতে বসিলন্ত॥
সঅৰ্খে ঋষিক ৰাজা পূজা কৰিলন্ত।
দণ্ডৱতে চৰণত পৰি নমিলন্ত॥
চৰণত ধৰে ঋষি আনন্দে উঠিয়ো।
আমাৰ থানত আজি ভোজন কৰিয়ো॥
দুৰ্ব্বাসা বোলন্ত ৰাজা শুনা মহাশয়।
আৱশ্যক কৰ্ম্ম মোৰ কৰিতে লাগয়॥
মধ্যাহ্ন কালৰ কৰ্ম্ম এখনে কৰিবোঁ।
থাকিয়োক মহাৰাজা পাচত আসিবোঁ॥
এহি বুলি ঋষি কালিন্দীৰ তীৰে গৈয়া।
ব্ৰহ্মক কৰিল ধ্যান তাতে বুৰ দিয়া॥
দুৰ্ব্বাসাৰ কথা মই এহি মানে থওঁ।
নাভাগাৰ তনয়ৰ কথা আবে কওঁ॥
ঋষিক পঠায়া যেবে আছা মহাশয়।
অৰ্দ্ধ দণ্ড মানে মাত্ৰ দ্বাদশী আছয়॥
হেন দেখি ৰাজা পাছে ভৈলন্ত বিমন।
ব্ৰাহ্মণক বুলি আছা কৰিবো ভোজন॥
ব্ৰাহ্মণক তেজি যদি কৰিলোঁ ভোজন।
অধৰ্ম্ম সিজিবো তেহোঁ হৈব ক্ৰোদ্ধ মন॥
ভোজন নকৰো যদি হৱৈ ব্ৰত নষ্ট।
এহি চিন্তি ৰাজাৰ মনত মহা কষ্ট॥
উভয় শঙ্কট দেখি নৃপতি বিমন।
ঋষি সকলক চাই বুলিলা বচন॥
ব্ৰাহ্মণক অতিক্ৰম যেন মতে নয়।
দ্বাদশীৰো ব্ৰত সাঙ্গ যেন মতে হয়॥