তযু গুণ নাম বাণী হে কৃষ্ণ পদ্ম পাণি,
বোলোক বদনে নিৰন্তৰ।
ৰাম বুলিয়োক ডাকি সমাজ্যৰ লোকে ঢাকি,
এড়ায়োক ঘোৰ যম ঘৰ।
⸻
ভাগৱত—নৱম স্কন্ধ।
শুক নিগদতি ৰাজা শুনা মহাশয়।
নাভাগাৰ অম্বৰীষ ভৈলন্ত তনয়॥
তাহান মহিমা মই কি কহিবোঁ তাত।
ঋষিৰ সাপেও ক্ষমা নভৈলেক যাত॥
হেন শুনি ৰজা পাছে পুছিলা শুকত।
কৈয়ো কথা গুৰু ইতো কথা অদভুত॥
নুৱাৰিলে ঋষি সাপে কিছু কৰিবাক।
শুনিবাক ইচ্ছা অম্বৰীষৰ কথাক॥
ৰাজাৰ বচন শুনি শুকে কহিলন্ত।
সাতো দ্বীপা পৃথিবীৰ ৰাজা পালিলন্ত॥
ইন্দ্ৰতো অধিক ৰাজা শ্ৰীমন্ত ভৈলন্ত।
নুহিবাক নুৱাৰিলা মহামুনি সান্ত॥
স্বপ্ন সম মানিলন্ত ৰাজা সদা মনে।
নৰকৰ দ্বাৰ আক মানৈ মহাজনে॥
ভগৱন্ত বাসুদেৱে কৰিলা ভকতি।
বৈষ্ণৱ সৱত ৰাজা আতিশয় প্ৰীতি॥
ঈশ্বৰৰ ভকতিয়ে নৃপ মহাশয়।
আতি তুচ্চ ইতো বিম্ব দেখা মায়াময়॥
ইন্দ্ৰিয়ৰ বৃমাণে ঈশ্বৰতে দিলা।
এহি মতে ৰাজা পাছে বয়সক নিলা॥
কৃষ্ণ পাদ পদ্ম মাত্ৰ স্মৰিলন্ত মনে।
ঈশ্বৰৰ গুণ নাম বৰ্ণাইল বচনে॥