পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


নীলকণ্ঠ দাস।

দামোদৰ চৰিত্ৰ।

আত অনন্তৰে কথা শুনা সৰ্ব্বজন।
নামত কলাপ ইন্দ্ৰ দ্বিজ সুশোভন॥
চাৰিবেদ চতুৰ্দ্দশ শাস্ত্ৰক জানয়।
বলধি বলধি পুথি যাহাৰ হৱয়॥
ফুৰন্তে ফুৰন্তে সতানন্দ দ্বাৰ পাইলা।
সংস্কৃতে দ্বিজে পাছে তাহাত পুছিলা॥
কৈত থিতি কি নাম ভ্ৰমাহা কি কাৰণ।
কহিয়ে তোমাত মোৰ কিবা প্ৰয়োজন॥
সংস্কৃতে দ্বিজে পাছে বুলিন্ত হাঁসি।
নামত কলাপ ইন্দ্ৰ নৱপুৰবাসি॥
মাধৱ কামাখ্যা দেখি ফুৰোঁ ৰাজ্য চাই।
ছাত্ৰশালা কৰাইবে আসিলো বাৰ্ত্তাপাই॥
তিনি গুটি পুত্ৰ শুনু তোমাৰ আছয়।
দিয়া পঢ়াও যেন মতে মোৰ কীৰ্ত্তি ৰয়॥
শুনি সতানন্দৰ ৰঙ্গৰ সীমা নাই।
কৰিয়োক গুৰু কৃপা থাকা মোৰ ঠাই॥
এহি বুলি ছাত্ৰশাল ঘৰ বান্ধি দিলা।
পণ্ডিতে তথাতে থাকি পঢ়াইবে লাগিলা॥
সৰ্ব্বেশ্বৰ ৰত্নাকৰ দেৱ দামোদৰ।
তিনিক পঢ়িবে লাগি দিলা দ্বিজবৰ॥
কাৰি কাক আদ্যে ব্যাকৰ্ণক পঢ়িলন্ত।
যত ধাতু শবদ প্ৰয়োগ সাধিলন্ত॥