পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮৬০
অসমীয়া সাহিত্যৰ চানেকি।

মোৰ বোল অনুচিত  আপুনাৰ নাই স্থিত
  হৈলা তোৰ মৰণ সন্নিত।
মোৰ শৰে যাইবি মৰি  তোৰ যত পূৰ্ব্ব নাৰী
  তাক কোনে নেই নাই স্থিত॥
পশু হৈয়া হেন আশ  আমাক নিবাক চাস
  পেচায়ে কুলিৰ কাৰে ৰাৱ।
থাকি ভেক কুপমাজে  সাগৰত তৰিতে সাজে
  কাকে কৰে হংসত উৰাওঁ॥
বোলে মই দৈত্য ৰাজ  নাৰীক যুজিতে লাজ
  হেন কথা ভাবি আছা মনে।
ছাৰ মিচা গৰ্ব্ব হেন  সাৱধানে কৰা ৰণ
  বিক্ৰম দেখোক সৰ্ব্বজনে।
মোৰ হাতে যাইবি মৰি  তেবে হেন নুবুলিবি
  নাৰী সমে যুজে বীৰবৰ।
নপাইবিহি হেন লাজ  এহি ৰণ ভূমি মাজ
  গৰাগৰি পৰিবক শিৰ॥
দেবীৰ বচন ঘাৱে  অগনি জলিলা গাৱে
  ক্ৰোধে দৈত্যে বোলে মাৰ মাৰ।
স্বামীৰ আদেশ পাই  মহা ক্ৰোদ্ধে গৈলা ধাই
  মুখ্য মুখ্য অসুৰ অপৰি॥
জয় দেবী ভগৱতী  মই মহা মূঢ় মতি
  তযু পদে পশিলো শৰণ।
মই অজ্ঞানীৰ দোষ  ক্ষেমিওক অহৰ্ন্নিশ
  দাস বুলি কৰিও ৰক্ষণ॥
সংসাৰ তাৰণ হেতু  তুমি দেবী মহা সেতু
  তযু পদে নমো বাৰম্বাৰ।
মোৰ পাপ গণ ছেদি  নিজ মায়া দূৰে ভেদি
  সংসাৰ সাগৰে কৰা পাৰ॥