যদি যুদ্ধ কৰা তুমি তভো জিনি নিতে আমি
পাৰো কিন্তু লজ্জা লাগে মোৰ।
ত্ৰিদশে হাৰিলা ৰণে স্ত্ৰীক যুদ্ধ হেন জনে
অপযশ হৈবেক ডাঙ্গৰ॥
শুনিয়া অসুৰ বাণি যোগমায়া ত্ৰিনয়নী
বুলিতে লাগিলা কৰি হাস।
বোলে দেবী ভগৱতী কিনো দুষ্ট মন্দমতি
আমাক নিবাক কৰে আশ॥
কোপে কম্পমান আতি মহিষক বোলে মাতি
কেনে বেটা নিচিনি আমাক।
অজিজ্ঞাসি পূৰ্ব্বাপৰ নিতে চাস দুৰাচাৰ
মই তিনি ত্ৰৈলোক্যৰ মাক॥
তোৰ বিনাশৰ কাজে সকল দেৱৰ তেজে
হৈয়া আছো মই উতপতি।
কেনে নিচিনয় অন্ধ এখনে ছেদিবো কন্ধ
নাম ছাৰাইবো দৈত্যপতি॥
দেৱক জিনিয়া ৰণে গৰ্ব্ব বাঢ়ি আছা মনে
আমাক চাহিছা সেহি ঠান।
শুনিও বৰ্ব্বৰ অৰে এতিক্ষণে মোৰ শৰে
কৰিব তোহোৰ ৰক্ত পান॥
শাস্ত্ৰত নিসিদ্ধ বৰ পাপ যিতো গুৰুত্তৰ
নুগুণস পাপিষ্ঠ তাহাক।
মৃত্যু আশে নিকটক তভো কৰে মকমক
ছাগে যেন নিতে কাটিবাক॥
শৃগাল শগুণ কাক ভুত প্ৰেত পিশাচক
তোৰ মাংস ৰুধিৰে অৰ্পিবো।
সংগ্ৰাম ধৰণীখান কৰো মৃত পতিস্থান
কত নদী ৰুধিৰে বহাবো॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৪০
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫৯
চণ্ডী।