পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮৫৬
অসমীয়া সাহিত্যৰ চানেকি।

যাত্ৰাৰ আৰম্ভ তাৰ  উথলিলা পাৰে পাৰ
  গিৰি সব হৈলেক তৰঙ্গ।
তৰঙ্গে লঙ্ঘিলা তিৰ  জল সব নহে স্থিৰ
  চমকিল অনন্তৰ অঙ্গ॥
দেখি দেৱতাৰ খঙ্গ  দৈত্য সকলৰ ৰঙ্গ
  জয় ধ্বনি কৰে ৰঙ্গ মনে।
অসংখ্যা বাজনা বাজে  মহিষৰ সন্য মাজে
  বিস্ময় লাগিলা সৰ্ব্বজনে॥
ঢাক ঢোল তুৰি ভেৰি  আনো নানা ফিৰিফিৰি
  চিকিমিকি অসুৰৰ দল।
চতুৰঙ্গ দলে সাজি  লগে লৈয়া গজ বাজি
  চলিলা মহিষ মহাবল॥
যতেক পদাতি ৰথ  চলে যত ঘোৰা হাতী
  কোনে কহিবেক সীমা তাৰ।
সেনাপতি অপৰ্য্যন্ত  কাৰ শক্তি গণিবন্ত
  চলিলেক অসুৰ অপাৰ॥
এহি মতে সব সাজে  চলিলা যুদ্ধক ৰাজে
  সসৈন্যে মহিষ দৈত্য ৰাই।
গোসানীক অনন্তৰে  দেখিলা মহিষাসুৰে
  সসৈন্যে সহিতে খেদি যাই॥
লাগি শৰীৰৰ কান্তি  ত্ৰৈলোক্যে প্ৰকাশে আতি
  সূৰ্য্যোদয় যেন বসুন্ধৰী।
চৰণৰ ভৰ পাই  ভূমি আছে তল যাই
  কৈত আছে হেন ৰূপ ধৰি॥
কিৰীটিৰ অগ্ৰে যাই  আকাশক আছে পাই
  বিপৰীত শবদে ধনুৰ।
কম্পিত পাতাল চয়  নাগলোক ভৈলা ভয়
  শ্ৰৱণে দৈত্যৰ দৰ্প চূৰ॥