পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮৫৫
চণ্ডী।

আজিৰ সংগ্ৰামে তাৰ নাছাৰো জিৱন।
এহিমতে মহিষে কৰিলা আলোচন॥
সেনা সমে অসুৰ সকল যাই ৰঙ্গে।
শব্দক উদ্দেশ কৰি খেদি যাই খঙ্গে॥
আতি সুমঙ্গল ইতো দেবীৰ চৰিত্ৰ।
কলি পাপ বিনাশন পৰম পৱিত্ৰ॥
শুনা সভাসদ পদ কৰি এক মতি।
শিৱ দুৰ্গা ঘুষি সদা সাধিয়োক গতি॥

কোপত মহিষ ৰাই  চলিলা অন্তক প্ৰাই
  সসন্যে সহিতে চপ কৰে।
লাগি তাৰ চাৰি খুৰ  পৰ্ব্বত হৱয় চূৰ
  দেৱগণ পলাই গৈলা ডৰে॥
দুই শৃঙ্গ খৰোত্তৰ  তাক দেখি লাগে ডৰ
  মাখি পৰি হয় দুই খণ্ড।
উপৰত ফুৰে পাক  যেন কুমাৰৰ চাক
  মেঘ হয় শৃঙ্গ লাগি খণ্ড॥
উৰ্দ্ধক তুলিছে তুণ্ড  আকাশে লাগিছে মুণ্ড
  লাগি নাসা পবন সকল।
পৰ্ব্বত হৱয় চূৰ  হেনসে মহিষাসুৰ
  পদ ভৰে মহি তলবল॥
গাৱৰ পবন লাগি  শাল তাল পৰে ভাগি
  চমকিত ভৈলা তিনি লোক।
নাদ শুনি মহিষৰ  ভয়ে লোক তৰতৰ
  বোলে আজি প্ৰমাদ হৈবেক॥
ৰক্ত বৰ্ণ দুই আখি  অতি ভয় লাগে দেখি
  সাক্ষাততে প্ৰলয় মাৰ্কণ্ড।
লোম সব শৰীৰৰ  যেহেন শনাইত শৰ
  ৰম্ভা সুত পৰম প্ৰচণ্ড॥

১০৮