যিহেতু কামত তই পশিল আমাক।
এতেকে তেজিবো আজি দেখ শৰীৰক॥
এহিবুলি যোগ ধৰি দেবী!বেদৱতী।
তাহাৰ আগত দেহ তেজিলন্ত সতী॥
অদ্ভুত কৰ্ম্মক পাচে দেখি মহাবীৰ।
ক্ষেপিলা গঙ্গাত নিয়া দেবীৰ শৰীৰ॥
অনন্তৰে নিজগৃহে ৰাৱণ চলিলা।
লাজে ভয়ে ইতো কথা কাতো নকহিলা॥
কিনো বিপৰীত কৰ্ম্ম আজি আচৰিলোঁ।
অদ্ভুতৰো অদ্ভুতক সাক্ষাতে দেখিলোঁ॥
এহিৰূপে মনত চিন্তিয়া নিশাচৰ।
বাৰম্বাৰ বিলাপ কৰিলা বীৰবৰ॥
কতকাল অনন্তৰে দেবী বেদৱতী।
জনক ৰাজাৰ গৃহে উপজিলা সতী॥
সীতা নাম ভৈলা তান জগতে প্ৰখ্যাত।
যাত হস্তে লঙ্কেশ্বৰ মৰিল সাক্ষাত॥
অপৰ জন্মত তপ কৰিছা বিস্তৰ।
তাৰ ফলে প্ৰিয় ভাৰ্য্যা ভৈলা ৰাঘৱৰ॥
পৰিপূৰ্ণতম যিতে প্ৰভু নাৰায়ণ।
মহাতপ কৰি যাক কৰৈ আৰাধন॥
সমস্ত জগত পতি দুৰ্জ্জনৰ কাল।
হেন ৰাম সমে ৰমিলন্ত চিৰকাল॥
সুন্দৰীৰ মণি সীতা ভুঞ্জি নানা সুখ।
জাতি স্মৰ হুয়া পাসৰিলা সৰ্ব্বদুখ॥
যিতো ৰাম হন্তে বহু বিভব লভিলা।
যাৰ সুকুমাৰ ৰূপে মনক মুহিলা॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৩৪০
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫৯
শঙ্খচূড় বধ।
১৪৬