পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৩২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৪৭
শঙ্খচূড় বধ।

গম্ভীৰ বচন গতি মতি ৰতি সতী।
কৃষ্ণদেৱ চৰণত অতি ভক্তিমতী॥
হেন নৃপ মহিষীৰো আজ্ঞা শিৰে ধৰি।
কবিৰাজ চক্ৰবৰ্ত্তী মতি অনুসৰি॥

পৰম সুন্দৰ ব্ৰহ্মবৈবত্ত পুৰাণ।
ব্যাসদেৱে বান্ধি আছে নানা উপাখ্যান॥
বৈষ্ণবৰ মধ্যে সাৰ শঙ্খচূড় নাম।
দানবৰ অধিপতি গুণে অনুপাম॥

ব্যাস ঋষি বান্ধি আছে তাহান চৰিত্ৰ।
দুৰ্ঘোৰ কলিত আক জানিবাহা মিত্ৰ॥
তপ কৰি বসি তাক সন্তোষ কৰিয়া।
তুলসী দেবীক যিতো গৃহিনী লভিয়া॥

তুলসী সহিতে ভোগ বিস্তৰ ভুঞ্জিলা।
অনন্তৰে গোলোকত কৃষ্ণক লভিলা॥
হেন শঙ্খচূড় ৰাজা কৃষ্ণত ভকত।
তাহান চৰিত্ৰ শুনা সভাসদ যত॥

নাৰদ বদতি নাৰায়ণ মুনিবৰ।
তোমাৰ চৰণে কৰে অপৰ গোচৰ॥
বৈকুণ্ঠৰ নাথ যিতো প্ৰভু নাৰায়ণ।
তান প্ৰিয় ভাৰ্য্যা কহি আছা চাৰিজন॥

গঙ্গা লক্ষ্মী তুলসী অপৰ সৰস্বতী।
তাঙ্ক নিতে সেবি থাকে এহি চাৰি সতী॥
আসম্বাৰ মধ্যে দেবী তুলসী কেমতে।
বৈকুণ্ঠ নাথক স্বামী লভিলা সাক্ষাতে॥

কৈত বা লভিলা জন্ম কিবা নাম পাইলা।
কাহাৰ দুহিতা কোন কুলত জন্মিলা॥
তপস্বিনী কোন তপ কৰি অতিৰেক।
প্ৰকৃতিত পৰ বিষ্ণু স্বামী লভিলেক॥