পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৩২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৪২
অসমীয়া সাহিত্যৰ চানেকি।

সিংহে হস্তী একেলগে কৰ আহাৰ।
সেনে কপোতিয়ে কৰে একেলগে চাৰ॥
ঘোড়া মহিষৰ তাত আছয় পিৰিতি।
সৰ্পে নেউলেয়ো কৰে আনন্দে বসতি॥

মাৰ্জ্জাৰ মূষকে দুয়োঁ নকৰয় দন্দ।
পেচক কাকেঁও সদা নচৰয় মন্দ॥
ব্ৰাহ্মণ সকলে সদা বেদ পাঠ কৰে।
কোকিলে নাদয় যেন সুললিত স্বৰে॥

মলয় পবন তাতে বহে সৰ্ব্বদাই।
ধৰণী মণ্ডলে যাৰ সম স্থান নাই॥
নানা পুষ্পগণ ফুটি আছে থানে থান।
তাত পৰি ভ্ৰমৰে কৰে মধুপান॥

ফুলে পুষ্পে জাতিস্কাৰ দেখিতে শোভন।
সাক্ষাতে দেখি যেন ইন্দ্ৰৰ ভুবন॥
ক্ষুধা তৃষ্ণা নাহি তাত সংসাৰ নিকাৰ।
কোনে বৰ্ণাইবে পাৰে মহিমা তাহাৰ॥

অতি মনোহৰ স্থান দেখিয়া সুৰথ।
প্ৰবেশ হৈলন্ত যাই সিতো আশ্ৰমত॥
দেখি প্ৰিয় বচনে মেধষ মুনিবৰ।
নৃপতিক সাদৰ কৰিলা বহুতৰ॥

মুনিৰ বচনে আনন্দিত মহীপাল।
সিতো আশ্ৰমত আছিলন্ত কিছুকাল॥
ইঠাই সিঠাই কৰি সিতো আশ্ৰমত।
ভ্ৰমন্তে ফুৰন্তে ৰাজা চিন্তয় সতত॥

মোহে আকুলিত চিত্ত সুৰথ নৃপতি।
সদাই কৰন্ত চিন্তা বিষয়ক প্ৰতি॥
হাহা বিধি কিনো ভৈলা মোহোৰ কপাল
মোক খেদাই ভৃত্যগণে ভৈলেক ভূপাল॥