পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৩১৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৩৪
অসমীয়া সাহিত্যৰ চানেকি

বোলন্ত, হে ৰামচন্দ্ৰ দাদা তাপ ছাৰিয়ো সবে ৰঘুকুলৰ তুমি আশ্ৰয়। তুমি আকুল ভৈলে সবাৰে তাপ মিলে। তাপ ছাৰি পিতৃৰ জলাঞ্জলি কৰা। তদনন্তৰে লক্ষণ, সীতা, ৰাম, তিনিহন্তে গঙ্গাত বুৰ দিয়া অঞ্জলি দিলা। ইঙ্গুদি পত্ৰ ফল পনস শ্ৰীফল এক স্থান কৰি জাহ্নবী জলত। দক্ষিণ মুখে কুশ পাৰি বনৰ বিহিত পিণ্ড দিলা। পৃথিবীৰ ভোগে চিত্ত নাহি পূৰিল, এবে বন্য ফল জলে তৃপ্তি হোৱা। এহি বুলি কান্দি কান্দি তিনিয়ো, তিতাবাসে আশ্ৰম পাইলা। সবে প্ৰজাক ৰামে যথোচিতে আশ্বাসিলা। কৌশল্যাদি ৰাজমহীষী সবক, বশিষ্ঠে পাছত আনি, মন্দাকিনী তীৰ পাইলা। কৌশল্যা বোলন্ত, হে সুমিত্ৰে! ৰামৰ এহি স্নানিবাৰ ঘাট। কুশ পত্ৰ উপৰে এখানে ৰামে, নানা ফলে পুষ্পে পিণ্ড দিলা। কুষএ পথে তিনিহন্তো নিয়া আশ্ৰমে গৈল। পাচে মহাদৈইগণে কান্দি কান্দি শীৰাম লক্ষণ সীতাক দেখিলা, শোকে তিৰি মিৰি দেখি, ৰাম, লক্ষণ, সীতাৰ গলে ধৰি কান্দিলা। ৰাম লক্ষণ সীতায়ো ৰাজাক সুমৰি বাৰম্বাৰে কান্দিলা। বশিষ্ঠে যুক্তি বাক্যে প্ৰবোধিলা। ৰামৰ মুখ দেখি সবাৰে চিত্ত শান্ত ভৈল। ৰামক বেঢ়ি পাত্ৰ মন্ত্ৰী পুৰহিত বসিল। সেহি সময়ে ভৰতে ৰামক নমস্কাৰ কৰি কৰযোৰে বোলন্ত। হে প্ৰভু ৰাম! আমাৰ অগোচৰে কুঞ্জাঁৰ উপদেশে তোমাক বনে ডাকিল। শোকে তোমাৰ পিতৃ প্ৰাণ ছাৰিল। সত্য কহো ধৰ্ম্ম পথ চাই। মাতৃ হেতু কাটি খণ্ড খণ্ড নাহি কৰিলোঁ। যাব কৈকৈই মাৱ হৈয়াছে, সেহি মোৰ জীৱন ধিক ধিক। যৈচে কাক শৃগালৰ জীৱন। আমাৰো সেহি নয়। মই অধম, হে প্ৰভু চৰণৰ দাস ভৈলো। ভৃত্য হেন মানি, সবে দোষ মৰষি ৰোষ ছাৰিয়ো, বাকলি ছাৰিয়ো। ৰাজঅলঙ্কাৰ পিন্ধি সসৈন্যে যাই অযোধ্যাত ৰাজা হৈয়ো। পিতৃয়ো সুমন্ত্ৰত বুলি গৈল। মোৰ বাক্যে ভৰতে বন খাটিব, বাম পাটে ৰাজা হৈব; এবে তোমাৰ প্ৰতিনিধি হুই নিৰ্ব্বাস কৰো, তুমি দেশে চলা। ৰামে বোলন্ত। হে ভৰত! তুমিয়ে মিছা বোল বুলি ভাণ্ডিতে চাহা। তোহোৰ ভক্তিত তুষ্ট ভৈলো, যাতে অসত্য বুলিয়ো নিবাক চাহা। কিন্তু তুমি আমাৰ আগত ডাবি অযোধ্যাত ৰাজা হুয়া ৰহ। ৰাজ- ভোগক আশে যদি পিতৃ বাক্য ছাৰিবো তেবে জীৱন ধিক ধিক। মান্ধাতা, সগৰ, পৃথু, পুৰুৰবা এসব মহা মহা ৰাজা আছিল, নানা বিক্ৰম শক্তি আছিল, তাসাম্বাক কালে নাশিল, যশ পুনু আজিও কহে। হেন নশ্বৰ দেহৰ ভোগৰ অৰ্থে কোন পুৰুষে পিতৃ গুৰু বাক্য ছাৰিব? শুনি ভৰতে পুনু ৰামৰ পাৱে ধৰি বেলন্ত। হে প্ৰভু বাপৱে ছাৰিল তুমি বনে থাকিবা, তেবে আমাৰ প্ৰাণ কেনে