পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৩১৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
১১৩৩
কথা ৰামায়ণ।

প্ৰভু চতুৰঙ্গ সেনা ব্যাপি আহে, অনুমানে জানো ভৰতেসে আসিছে। তোমাক মাৰি অকণ্টকা ভূমি কৰিব,আততাই ভৰতক মাৰে৷ আজ্ঞা কৰা। মেহে বাপ লখাই, কেনে হেন বোলা, তোৰে সম ভৰতত মোৰ প্ৰাণ সম, কদাচিতে মন্দ চিত্ত নাহি। কিন্তু মোক নিয়া যোধ্যাত ৰাজা কৰিব, আপুনি বনবাস কৰিব। মোহোকে সে নিবক প্ৰজা সাবা আসে। যি বান্ধবৰ দ্ৰোহ কৰে, সি নৰকে পচে। শুনি লক্ষণে লাজ পাই ধন্য ধন্য ৰাম বুলি ৰহিলা; ভৰত শত্ৰুঘ্নন, সুমন্ত্ৰ, গুহ, চাৰিয়ো, তপসী সবত বাৰ্তা পুচি পুচি, মন্দাকিনী তীৰে ধুম দেখিল। ধীৰে ধীৰে যাই ৰামৰ আশ্ৰম পাইলা। পত্ৰ গৃহৰ মাজে ৰামক দেখিলা দুই পাশে লক্ষণ জানকীক দেখিলা। হাহা প্ৰাণ ৰাম বুলি পৰম গৌৰবে, দুই ভাই পাৱত পৰিল। তদনন্তৰে সবে প্ৰজা ৰাম ৰাম বুলি প্ৰণামিলা। ৰামে প্ৰেমভাৱে ভৰতক আঙ্গি ধৰিল। লক্ষণ জানকীবো শোকে আকুল ভৈলা। গদগদ বাক্যে ৰামে বোলন্ত, বৃদ্ধ মাৱ বাপক ছাড়ি আসিলা, মোক বৰ অসন্তোষ দিলা, শীঘ্ৰে সবাৰে কুশল কহ; তই যুবৰাজ হুই সামাদি উপায় কি জানিলা, দেৱ দ্বিজৰ বাক্য কিবা নচাৰিলা। হয় হস্তীক ৰথ পত্তিক কি পালিছা, ৰাজ বেশ ছাড়ি কেনে জটাধাৰী ভৈলা। ৰামৰ বাক্য শুনি ভৰতে কান্দি কান্দি বোল, হে প্ৰভু মই পাপীত কি গুচা, কৈকৈই ৰাক্ষসীৰ গৰ্ভে জন্মিলো, এতেকে দেখিকে। অযোগ্য ভৈলো, যৈচে শ্মশানৰ পোড়া কাষ্ঠ, তোৰা তিনিৰ শশাকে ছয় দিন অন্তৰে মধ্যনিশা ৰাজা প্ৰাণ ছাড়িল।। প্ৰভাতে বশিষ্ঠে জানি ৰাজাক নাৰায়ণ তৈলত থৈয়া, দূত পঠাই ৰাজ আজ্ঞা বোলাই শীঘ্ৰে শত্ৰুঘ্নন সমে মাক অনাইল। আমি দুয়া পিতৃৰ নিৰ্মান দেখি বিকল ভৈলো, বশিষ্ঠৰ বাক্যে সুস্থ্য হুয়া পিতৃৰ সংস্কাৰ ক্ৰিয়া কৰি তোমাক নিতে আসিছে। আপুনি তোমাৰ হুই বনে বঞ্চিবো, তুমি অযোধ্যাত ৰাজা হুয়ো। মাৱে কুজীৰ বোলে তোমাক নিৰ্যান দিল, এখন তোমাক নিতে আসিছে। যদি মই দাসে তোমত কপট কহো তেবে, সবে পাপত পচিবো। ইতি শ্ৰীৰামায়ণ কথায়াং সপ্তমোধ্যায়। সভাসদ নিৰন্তৰে হৰি বোল হৰি।। | নাৰদে কহন্ত, শ্ৰীৰামে পিতৃৰ মৃত্যু শুনি শোকে তাপিত ভৈল, কমল নেত্ৰৰ নীৰ জৰিতে লাগিল। বিহবল হুয়া ঢলি পৰিল। শ্ৰুতি পাই বিলাপ কৰিল। হৰি হৰি মই পাপী ৰাজাৰ বদ্ধ ভাগি ভৈলো। মই ৰাক্ষস পুত্ৰ হৈবাৰ, যাতে কান্ধে বহি পিতৃক দহিতে নপাইলো। সাৰ্থক ভৰত শত্ৰুৰ মাত্ৰ জন্ম। এহি পকাৰে সীতা লক্ষণে বিস্তৰ কান্দিল। সংক্ষেপ কথাত কত কহব। ভৰতে