পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৩১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৩২
অসমীয়া সাহিত্যৰ চানেকি।

স্বৰ্গ সুখ লভিল, দেৱ নাৰী সমে বিহাৰ কৰিল, যাক তপ যপ যজ্ঞ কৰিও নাহি দেখিতে পাৱে; আন সামন্য কি কহিব। প্ৰজাসবে দিব্য ভোগ ভুঞ্জি হৰিষে ৰহিলা। ভৰতৰ চিত্ত কিঞ্চিতো তাত নৰমিল। ৰামৰ বিযোগে তাপিত হয় নিদ্ৰা নপইলা, প্ৰাতে ভৰতে মাতৃগণ সমে ঋষিক নমিলা। ঋষিৰ আদেশে মাৱগণক চিনাইলা। ঋষি বোলন্ত ঈশ্বৰৰ ইচ্ছা জানি, তোমাৰ মাক নুদুষিবা। ভৰতে ঋষিৰ পদধূলা শিৰে ধৰি তান উপদেশে সসৈন্যে যমুনা পাৰ ভৈলা। ভৰতে বোলন্ত হে শত্ৰুঘ্নন এহি চিত্ৰকুট বনে ৰাম লক্ষ্মণ সীতা আছে। এক থান হৌক সীতা লক্ষ্মণ সমে শ্ৰীৰাম আনন্দে আছন্ত। ঈশ্বৰৰ কথা দুঃখ হৱে। শ্ৰীৰামে বোলন্ত হে প্ৰিয়ে, এহি বিচিত্ৰ বন দেখি, অযোধ্যাৰ সুখ পাহৰিলোঁ। দেখু সুগন্ধ কুসুম বাসিত বায়ু বহে চিত্ত উন্মাদ কৰে, পখী সবে পুত্ৰ পুত্ৰ বুলি ডাকিছে। হাহা আমাৰ মাতা কৌশল্যা যেনো এমতে ডাকিছে। দখু বিদ্যাধৰী সবে স্বামী সমে, থানে থানে এথা ফুৰিছে, এমত নানা ৰসে আছন্ত। দিনেক শ্ৰীৰামে সীতাৰ কপালে মানস শিলা পিসি তিলক পিন্ধাইল। শ্ৰীৰামক দেবী আলিঙ্গন্তে হিয়াত লাগিল। সীতা বোলন্ত লক্ষণে দেখি হাসিব, শিঘ্ৰে মাৰ্জ্জনা কৰা। শ্ৰীৰামে বোলন্তে ভক্তৰ অৱশেষ দোষ নাহি, কিন্তু সুৰত সুখৰ এহি অলঙ্কাৰ। এক দিনা শৃঙ্গাৰৰ শত শ্ৰান্ত হেন হুই নিদ্ৰা কৰিলা। সেহি সময়ে এক কাক বৃক্ষ শাখা হন্তে, সীতাৰ উদাস শৰীৰ দেখি ভোল হুয়া, চাম্প দিয়া সীতাৰ স্তনে নখে ক্ষত কৰিল। কোমল শৰীৰৰ ৰুধিৰ বজাইল। ঘাৱ বিষে দেবী কান্দিল। পুনু আসি পচাৰন্তে স্তনমধ্যে পৰিল। ই হাতে খেদন্তে সি হাতে পৰন্ত। খেদিতে নাপাৰি বিমোহিত হয়। কান্দন্তে শ্ৰীৰামৰ গাৱে লোক পৰিল। জাগি ৰামে সীতাৰ বিপত্তি দেখিল। ৰামক নগনি কাকে পুনু স্তনত চাম্প দিল। ক্ৰোধে শ্ৰীৰামে মন্ত্ৰ পঢ়ি ঐসিক বাণ হানিল। অগ্নি হুই খেদি গৈল দেখি কাকে ভয়ে উৰাৱ কৰিল, ইন্দ্ৰ নন্দন কাকে ইন্দ্ৰত শৰণ পশিল। দেৱগণে ৰক্ষা কৰিতে নাপাৰিলা। কাকে ৰক্ষা নপাই ৰামত শৰণে পশিল। কৃপাময় ৰামে এক চক্ষু কান কৰিল। কাকে শ্ৰীৰাম সীতাক প্ৰণাম কৰি দেশে গৈল। সেহি দিন হন্তে কাকৰ এক চক্ষু কান তৈল। শ্ৰীধামে অমৃত হাতে মাৰ্জ্জি, সীতাৰ গাৱৰ দুখ হৰ কৰিল। তদনন্তৰে ভৰতে ৰাম চন্দ্ৰৰ আশ্ৰাম কোল পাই হাহা ৰাম বুলি কোলাহল শব্দ কৰিল। শ্ৰীৰামে বোলন্ত হে বাপ দেখু কোনবা ৰাজা মৃগ মাৰিতে আসে শীঘ্ৰে জানি আস। লক্ষ্মণে শালবৃক্ষে চড়ি চাহিল। প্ৰলয়ৰ সাগৰ সম চতুৰঙ্গ সেনাক দেখি ৰামত কহিল। হে