ৰঘূনাথ দাস।
কথা ৰামায়ণ।
নাৰদে কহন্ত, তদনন্তৰে পাত্ৰ মন্ত্ৰীগণে ভৰতক ৰাজা হুইতে বুলিল, ভৰতে বোলন্ত জেষ্ঠ ভাই গুৰু থাকিতে কেনে ৰাজা হুইবো। কিন্তু শ্ৰীৰামৰ চৰণ দেখিতে বনে চলিবো, এখন সৈন্য জড়াৱ। হেন শুনি পাত্ৰ মন্ত্ৰীগণে, মহাৰঙ্গমন হুই সেনা জড়াইলা। বশিষ্ঠে বোলন্ত, পিতৃ সত্য পালি শ্ৰীৰাম বনে গৈল, দৈব বিযোগে ৰাজ্য ভোগ নাহি পাৱে, এবে ৰাজা হুয়া ৰাজধৰ্ম্ম আচৰা। ভৰতে সক্ৰোধে বোলন্ত, হে গুৰু উচিত বুলিলা, ৰাজ্য অকাৰ্য্য চিন্তিলে, গুৰু সবে বাধাকেসে কৰে, তুমি কেনে অকাৰ্য্য প্ৰবৰ্ত্তৱা; সিংহ থাকিতে কি ক্ষুদ্ৰ মৃগে মৃগপতি হোৱে? ৰাজোচিত গুণ সব ৰামত থিক, হেন ৰামক বঞ্চি ৰাজা হৈবো; তব মোৰ জীৱনৰ ধিস্কাৰ। ভৰতৰ বাণী শুনি বশিষ্ঠে বোলন্ত, হে বাপ কষ্ট ছাৰহ, কিন্তু তোমাৰ চিত্ত পৰীক্ষিলো, ধন্য ৰঘূকুলে জাত ভৈলা; আমি তোমাৰ চিত্ত শুদ্ধ জানি, তথাপি এ বোল বুলি লোককো জনাইলোঁ। ভৰত শত্ৰুঘ্ন ৰথে চড়ি লৰিলা। কৌশল্যা সুমিত্ৰাদি ৰাজমাৱগণো চলিলা। কৈকেই আপোনাক গৰিহা কৰি শোকে লাজে অধোমুখে লড়িল। বশিষ্ঠ প্ৰমুক্ষে কুল গুৰু সবা চলিল, শ্ৰীৰামক আনিবাক। ব্ৰহ্মণ, ক্ষত্ৰিয়, বৈশ্য, কায়স্থ লেখক, গণক নই, ভাই, সুতমাগধ, বন্দি, নাপিত, সুতাৰ, তেলী, মালী, কমাৰ, কুমাৰ, ৰজক; চমাৰ, সোণাৰী, হাৰী, তান্তী, আৰে অন্ত জাতি। পতিব্ৰতা নাৰীগণে স্বামীক বুলিল, ৰামক নানি কদাচিতো গৃহে নাসিবা। তাৰা সবো আনিবো বুলি চলিলা। নৰ নাৰী হয় হস্তী ৰথে মেদেনী কম্পাই গঙ্গাতীৰ পাইলা। তথা ভৰতে পিতৃক পিণ্ডিলা। তদন্তৰে গুহৰাজে ভৰত আসিবাৰ শুনি, ভৰতৰ চিত্ত নুবুজি, ভৰতক যুজিতে সাজ ভৈল, অশেষ গৰ্জ্জিল। কোটি সংখ্যাৰ গোপ্য কৰি, সোনাসমে জয় জয় ৰাম ঘুষি, যুদ্ধক সমুখ ভৈল। ভৰতৰ সেনা সবো, হাহা ৰাম ফোকাৰি থিত ভৈল। গুহৰাজে বুজিল, ৰামক নিতে ভৰত আসিল। ভৰতৰ চিত্ত বুজিতে চলিল। ভৰতত সুমন্ত্ৰ জনাইল। ভৰতৰ আদেশে সুমন্ত্ৰ ভেণ্টাইল। গুহক দেখি ভৰতে গলে বান্ধি কান্দি পুচিলা। হে গুহৰাজ! বান্ধৱ ৰামৰ