পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৩১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২৯
সীতাৰ বনবাস।

কিয় বিধি এত দুঃখ কপালে লেখিলা।
ঘোৰ অৰণ্যত আনি তোমাক এৰিলা॥
এহি বুলি কান্দিলন্ত পশু পক্ষীগণ।
তাত পাছে যি কৰিলা শুনা দিয়া মন॥

বসিলেক সীতা পাছে তৃণৰ ওপৰে।
শোকৰ বেগ যেন হালিজালি পৰে॥
ধূলায় ধূসৰ অতি শৰীৰ বিবৰ্ণ।
নিৰ্ম্মল চন্দ্ৰক মেঘে ঢাকিলেক যেন॥

সূৰ্য্য ৰশ্মি লাগি যেন কুমুদ মলিন।
সিৰূপ বনৰ মাঝে জানকী বদন॥
লাহে লাহে উঠি পাছে সীতা পটেশ্বৰী।
হাঁহাঁ প্ৰাণ প্ৰভু বুলি কান্দে ডাক ছাৰি॥

বনে বনে ভ্ৰমে জনক নন্দিনী আই।
কান্দি কান্দি শ্ৰীৰামৰ গুণক বৰ্ণাই॥
সোণাৰ পুতলি যেন শৰীৰৰ কান্তি।
বনে বনে ফুৰে আজি সেহি সীতা শান্তী॥