পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৩০৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২৬
অসমীয়া সাহিত্যৰ চানেকি।

কমল লোচন মোৰ স্বামী  তাৰ সেৱা চোৰ ভৈলোঁ আমি,
  মই দুঃখ ভুঞ্জো অযোধ্যা যোৱা লক্ষণ।
প্ৰাণৰ দেৱৰ শুনিয়োক  বিলম্ব নকৰি চলিয়োক,
  মোৰ বধ লাগে নকৰা তুমি ক্ৰন্দন॥
মই অনাচাৰী দুষ্টমতি  এতেকে ত্যজিলা প্ৰাণ পতি,
  প্ৰভু সুখে ৰৌক আমাৰ হোক মৰণ।
এতেকে সে বাপু চলিয়োক  নগৈলে খঙ্গিবে প্ৰভু মোক,
  নযা যদি বধ মোক কৰাহা লক্ষণ।
জানকীৰ বজ্ৰ বাণী শুনি  সুমিত্ৰা নন্দন মহামানী,
  কান্দিয়া পৰিল বীৰ ভূমিৰ ওপৰ॥
সীতাও অনেক কান্দিলন্ত  শৰীৰত তত্ত্ব নাহিকন্ত,
  ছিঙি পেলাইলন্ত সবখানি অলঙ্কাৰ।
লক্ষণে চেতন পাইল পাছে  দেখে সীতা আগে পৰি আছে,
  চৰণে পৰিয়া নমস্কাৰ কৰিলন্ত।
বোলে আই তুমি ঐতে থাক  মই চলি যাও অযোধ্যাক,
  এহি বুলি পুনঃ লক্ষণেও কান্দিলন্ত॥
পাছে জানকীক ৰথ হন্তে  নমাই থৈলেক গঙ্গাততে,
  দণ্ডৱতে প্ৰণামিলা চৰণত পৰি।
বোলে আই এৰি যাওঁ তোক  নেদিবাহা কিছু দোষ মোক,
  নোলায় বচন মাতে গদ গদ কৰি॥
জানকীয়ে লক্ষণৰ গলে  থৰি কান্দে আতি শোক জালে,
  বিমূৰ্চ্ছিত হুয়া ভূমিত পৰিলা ধলি।
পাছে জানকীক তাতে এৰি  লক্ষণে চলিল ৰথে চৰি,
  সুমৰি সুমৰি শোকানলে যায় জ্বলি॥
দুই চাৰি পদ চলি যায়  পুনঃ জানকীক ফিৰি চায়,
  ঘনে ঘনে শোকে মুৰ্চ্ছিত হুয়া পৰন্ত।
অনন্তৰে সীতা পটেশ্বৰী  চেতন লভিয়া চান্ত ফিৰি,
  তৈত বীৰ লক্ষণক নাহি দেখিলন্ত॥