পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৩০০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১১৯
নীতি ৰত্ন

যিতো জন পৃথিবীত নৰেশ্বৰ হয়।
দুষ্ট মন্ত্ৰী সঙ্গে যদি সদা প্ৰবৰ্ত্তয়॥
তাহাৰ ৰাজ্যৰ একোকালে নাহি ভাল।
তাকো হাস্যাস্পদ বুলি জানা মহীপাল॥

উত্তম কুলত যদি হোৱয় ব্ৰাহ্মণ।
যদি সিতো মহামূৰ্খ হোৱয় দুৰ্জ্জন॥
বেদ পাঠ আদি সংকৰ্ম্মক নকৰে।
ক্ষিতি মধ্যে হাস্যাস্পদ নাহি তাত পৰে॥

যিতো জন পুৰুষ হোৱয় স্ত্ৰীজিত।
ভাৰ্য্যাৰ বচন পালি থাকে প্ৰতিনিত॥
জানিবাহা নৰেশ্বৰ ধৰিত্ৰী মধ্যত।
আত পৰে হাস্যাস্পদ নাহি জগতত॥

পূৰ্ব্বে এক স্ত্ৰীজিত ব্ৰাহ্মণ আছিল।
ভাৰ্য্যাৰ বচনে সিতো মৰিবে চলিল॥
চিতাত উঠিলা গৈয়া নাশিবাক প্ৰাণ।
এক গোটা ছাগে তাৰ দিল জীৱ দান॥

তেহ্নয় অবস্থা স্ত্ৰীজিত পুৰুষৰ।
হেন শুনি বিক্ৰম আদিত্য নৃপবৰ॥
কবিত শোধন্ত কথা কৰি কৰযোৰ।
শুন কবিবৰ শঙ্কা ছেদিয়োক মোৰ॥

কিমতে ব্ৰাহ্মণ তান পত্নিৰ বচনে।
কি কাৰণে গৈল এবে মৰিবাক মনে॥
কিমতে বিপ্ৰৰ প্ৰাণ ৰাখিলন্ত ছাগে।
ইসব কথাক আবে কৈয়ো মোৰ আগে॥

তযু মুখে কথামৃত শুনিয়া শ্ৰৱণে।
ক্ষুধা তৃষা আদি একো দুঃখ নাই মনে॥
সুমেধা বদতি শুনা সভাসদ চয়।
বৰাহ কবিয়ে শুনি ৰাজাৰ সংশয়॥