ধৰ মাৰ বুলি সবে পৰম আতোপে।
হস্তীক খেদিবে লাগি যাই একযোপে॥
দেখিয়া তিলক কুঞ্জ হস্তী ভয় ভৈলা।
কিবা কৰিবাহেো বুলি সুধিবাক লৈলা॥
ঝান্টে মোক শৃগাল দিয়োক সমিধান।
কোন কৰ্ম্মে কৰোঁ আবে যাইবো কোন স্থান॥
হেন শুনি শৃগালে বোলয় ৰঙ্গ মনে।
আমাৰ পাচত তুমি আসিয়ো এখনে॥
আমি যৈক হাওঁ তুমি পাচত চলিবা।
তেবে অবিলম্বে মহাৰণ্যত পশিবা॥
শীঘ্ৰে তামাসাৰ পাছে আসিয়ো চলিয়া।
কিমতে গৃহস্থে পাইব আমাক খেদিয়া॥
এহি বুলি শৃগালেও দিলে পাছে লৰ।
তাহাৰ পাচত হস্ত দিলেক লৱৰ॥
আগ ভৈল শৃগাল পাচত হস্তী ধাই।
ধৰ মাৰ বুলিয়া গৃহস্থে খেদি যাই॥
এহিমতে গৈয়া সৰোবৰক লভিলা।
পঙ্কৰ ওপৰে পাছে শৃগাল চলিলা॥
ক্ষুদ্ৰ জন্তু পঙ্কে সিতে লৱৰিয়া যাই।
মহাভয়ে হস্তী তাৰ পাছে গৈলা ধাই॥
দুৰ্ঘোৰ পঙ্কত আতি মহাবেগে পডি।
ওলাইবে নোৱাৰে হস্তী লৰচৰ কৰি॥
সেহি বেলা পাইল লোকে ধৰ মাৰ কৰি।
দেখিলা হস্তীয়ে মহা পঙ্কে আছে পৰি॥
হেন দেখি লোকে আতি মহাৰঙ্গ কৰি।
খুঞ্চি কাটি হস্তীক পেলাইলা সবে মাৰি॥
দশন কাঢ়িয়া লৈয়া গৃহে চলি গৈলা।
মাতঙ্গ মৰিয়া যমপুৰে বাসা লৈলা॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৯৮
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১১৭
নীতি ৰত্ন।