এহি হেতু জ্ঞাতিগণ আমি বুদ্ধি কৰোঁ।
এতিক্ষণে মাতঙ্গৰ মাংস খাইবে পাৰোঁ॥
এক গৃহস্থৰ এক ইক্ষু বন আছে।
মহা পঙ্কে সৰোবৰ আছে তাৰ কাছে॥
তাহাত পেলাইয়া আমি হস্তীক মাৰিবোঁ।
মহানন্দে মাংস খাই তৃপতি লভিবোঁ॥
বৰাহ বদতি শুনিয়োক মহীপাল।
এহি বুলি হস্তীপাশে গৈলেক শৃগাল॥
মহা অৰণ্যত হস্তী আনন্দে আছন্ত।
সমস্তে শৃগালে গৈয়া তাঙ্ক দেখিলন্ত॥
দূৰতে দেখিয়া সেৱে দণ্ডৱতে পৰি।
প্ৰণাম কৰিলা সবে কৰযোৰ কৰি॥
বহু স্তুতি নতি কৰি বুলিলা বচন।
নমো নমো গজৰাজ হুয়োক প্ৰসন্ন॥
দেখিয়া তিলক কুঞ্জ হস্তী মহামতি।
শৃগাল যূথক বাক্য বুলিলা সম্প্ৰতি॥
কি কাৰণে শৃগাল আসিলি মোৰ স্থান।
ঝাণ্ট কৰি মোক এবে দেস সমিধান॥
মাতঙ্গৰ হেন বাক্য শুনিয়া জন্ম্বুকে।
প্ৰণাম কৰিয়া বাক্য বুলিলা কৌতুকে॥
শুনিয়োক গজৰাজ আমাৰ বচন।
এক গৃহস্থৰ এক আছে ইক্ষু বন॥
পৰম কোমল ইক্ষু স্বাদ অতি বৰ।
তৃষায়ে আতুৰ ভৈলোঁ যায় কলেবৰ॥
আপুনি ভুঞ্জিয়ো গৈয়া আমাক ভুঞ্জাওঁ।
আমি দাস সকলৰ তৃপিতি সাধিয়ো॥
আমাৰ নাহিকে সাহ খাইবে মধুবন।
এহি হেতু তযু পাৱে পশিলোঁ শৰণ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৯৬
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১১৫
নীতি ৰত্ন।