পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৯০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০৯
নীতি ৰত্ন।

হৰি হৰি আজি মোৰ বিধি বাম ভৈলা।
লাভক চাহন্তে আজি মুলনাথ ভৈল॥
কেন মতে শকুনৰ হাতে ৰক্ষা পাইবোঁ।
কিমতে প্ৰাণক ৰাখি ইথানৰ যাইবোঁ॥

গুণিয়া গান্থিয়া একো নপাইলোঁ তৰণ।
নিশ্চয়ে জানিলোঁ আজি মিলিল মৰণ॥
এহি বুলি অসন্তোষ মনত কৰয়।
অন্ধক শকুন বুলি সিতো নজানয়॥

চক্ষু আছে হেন বোধ মনত তাহাৰ।
কৈক লাগি যাইবোঁ বুলি কৰে হাহাকাৰ॥
মনত ভাবয় সিতে দৃঢ় কৰি চিত্ত।
জানিলো মৰণ আজি ভৈল সন্নিহিত॥

কিন্তু বুদ্ধি চাটু কৰি এৰাইবাক পাৰি।
আন মতে কোন কালে এৰাইবে নপাৰি॥
এহি বুলি চাটু কৰি বুলিলেক বাক।
শুনা পক্ষীৰাজ ক্ৰোধ এৰিয়ে আমাক॥

না জানি নুগুণি কেনে খঙ্গ কৰা মোক।
মোৰ আগমন কহো আবে শুনিয়োক॥
তুমি মহা বলৱন্ত আমি অল্প জন।
মোক বধিবাৰ তযু নাহিকে কাৰণ॥

মোৰ সম সহস্ৰেক নোহো তযু সম।
অনেক দিনৰ বৃদ্ধ পক্ষীতো উত্তম॥
আমাক মাৰিয়া তুমি পাইবা কোন যশ
কিঙ্কৰৰো কিঙ্কৰ দাসৰো তযু দাস॥

ক্ষমা কৰা অপৰাধ নহৈবাহা ৰুষ্ট।
প্ৰণামোহো গৃধ্ৰ পক্ষীৰাজ হুয়ো তুষ্ট॥
দণ্ডৱতে পৰি হেৰা কৰো নমস্কাৰ।
কহো নিবেদন কথা শুনিয়ো আমাৰ॥