আহাৰ খাইবাক তাৰ গাৱে শক্তি নাই।
সেহি বট বৃক্ষে সিতো বঞ্চিয়া থাকয়॥
আনো গৃধ্ৰে আহাৰ খাইবাক লাগি যাই।
জ্ঞাতিৰ শিশুক সিতো ৰাখিয়া থাকই॥
যেহি বেলা হোৱে গৈয়া সূৰ্য্য অস্তঙ্গত।
সেহি বেলা গৃধ্ৰ পক্ষী আসয় তাৱত॥
কৃপকৰ্ণ অন্ধকক প্ৰতি গাৱে গাৱে।
আহাৰ দিৱয় সিতো মহানন্দে খাৱে॥
এহি মতে বট বৃক্ষে কতো কাল আছে।
শুন আত অনন্তৰে যেন ভৈলা পাছে॥
দীৰ্ঘকৰ্ণ নামে এক মাৰ্জাৰ আছয়।
পৰম আনন্দে সিতো বনত ভ্ৰময়॥
একদিনা চিত্ৰকুট গিৰিক লভিলা।
তাহাৰ ওপৰে বট বৃক্ষক দেখিলা॥
বৃক্ষৰ ওপৰে দেখি পক্ষীৰ নিবাস।
দেখি মাৰ্জ্জাৰৰ হেন উপজিল শাষ॥
মনে বোলে কোন বিধি মিলাইলেক আনি
এহি বুলি হৰিষে বুলিবে লৈলা বাণী॥
ধন্য ধন্য আজি মোৰ কিনো মহাভাগ।
শিশু চটক আজি খাইবে পাইলোঁ লাগ॥
কোমল মাংসক আজি ভোজন কৰিবোঁ।
উদৰ ভৰিয়া খাই তৃপিতি লভিবোঁ॥
এহি বুলি বিড়ালে হৰিষ আতি কৰি।
জাম্প মাৰি উঠিলন্ত বৃক্ষৰ উপৰি॥
কৃপকৰ্ণ আছে হেন মনে নজানয়।
মহা হৰ্ষে শিশু পক্ষী খাইবাক চলয়॥
দেখি গৃধ্ৰ বিহঙ্গৰ শিশু পক্ষীচয়।
মাৰ্জাৰক দেখি ভয়ে আতাস পাৰয়॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৮৮
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নীতি ৰত্ন।