পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮৪৭
আত্ম পৰিচয়।

ধৰ্ম্মপাল বদতি শুনিয়ো বিপ্ৰবড়।
কৰো তযু চৰণত এগুটি গোচৰ॥
যদি মোক কৃপা তযু আছে মহামানী।
সাক্ষাতে দৰ্শন আজি কৰাও গোসানী॥
ৰাজাৰ বচনে পাছে বিপ্ৰ মহামতি।
নৃপতিক প্ৰতি কৃপাদৃষ্টি ভৈলা আতি॥
দেখুৱাইবো বুলি পাছে কৰি অঙ্গিকাৰ।
ছল কৰি ৰাজাক থৈলন্ত কৰি আৰ॥
আৰ কৰি নৃপতিক থৈয়া বিপ্ৰবড়।
নানা উপসাৰ লৈয়া পশিলা ভিতৰ॥
বিধিৱতে ব্ৰাহ্মণে পূজিলা নানা মত।
পূৰ্ব্বৱতে দেবী আসি ভৈল বেকত॥
সিবেলা সাক্ষাতে ৰাজা দেবীক দেখিলা।
ৰাজাই দেখিলা হেন দেবীয়ে জানিলা॥
ক্ৰোধ দৃষ্টি চাহি পাছে ব্ৰাহ্মণক প্ৰতি।
তেতিক্ষণে অন্তৰ্ধ্যান ভৈলা ভগৱতী॥
ক্ৰোধ দৃষ্টি গোসানীৰ লাগি ব্ৰাহ্মণৰ।
ভৈলা কাল বৰ্ণ আতি ইন্দু মস্তকৰ॥
জাতো মস্তকত ইন্দু ভৈলা কাল বৰ্ণ।
কেন্দুকালে নাম তাৰ ভৈলা সিকাৰণ॥
পুনুৰপি বিপ্ৰেবড় কৰিলা ভকতি।
তাহান সেৱাত তুষ্ট ভৈলা ভগৱতী॥
তুষ্ট হুয়া মহামায়া দিলা তাঙ্ক বৰ।
পূৰ্ব্বৱতে সাক্ষাত নভৈলা দেবী আৰ॥
দেবী নিগদতি শুনিয়োক বিপ্ৰবৰ।
মোৰ বৰে অমঙ্গল নহৈব তোহোৰ॥
প্ৰসন্ন হৈলো মই তোহোৰ কুলত।
নকৰিবি কিছো তই সংশয় মনত॥
মোহোৰ প্ৰসাদে জানা তোহোৰ কুলৰ।
আয়ু শ্ৰী যশস্য ধৰ্ম্ম বাঢ়িব বিস্তৰ॥

১০৭