পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৯১
মাধৱ সুলোচনা।

  কৰিলোঁ মনত আতি ৰঙ্গ,
  কৰিলা বিধাতা আশা ভঙ্গ,
হাঁ সুলোচনা কমল নয়নী প্ৰিয়া॥
  বদন বিধুম সুধা দিয়া,
  তাপ নিবাৰিয়া মোৰ প্ৰিয়া,
দাৰুণ অগনি বিৰহে দহয় হিয়া।
  যদি মৰি তোক পাওঁ লাগ,
  স্বৰ্গত নকৰোঁ অনুৰাগ,
অৱশ্যে মৰিবো মন্দভাগি তীৰ্থ গৈয়া॥

এহি বুলি বিদ্যাধৰ মৰিবাক মন।
গঙ্গা সাগৰৰ তীৰে কৰিলা গমন॥
তীৰ্থ স্নান কৰি পাছে সূৰ্য্য অৰ্ঘদিলা।
হে গঙ্গা মাতৃ বুলি এহি নিবেদিলা॥

তোমাৰ জলত মই ছাৰো কলেৱৰ।
সুলোচনা ভাৰ্য্যা কিবা পাওঁ জন্মান্তৰ॥
এতেক শুনিয়া দূতে ধৰি গলে হাতে।
সভা মধ্যে নিলা বীৰবৰৰ সাক্ষাতে॥

দেখি বীৰবৰে পাছে তুমি কোনজন।
কিবা হেতু এহি তীৰ্থে তেজাহা জীৱন॥
শুনি বিদ্যাধৰে কহিলন্ত পূৰ্ব্বাপৰ।
ত্ৰিবিক্ৰম ৰাজা ৰাজ দয়াৰ কুমাৰ॥

নাম মোৰ বিদ্যাধৰ জানা মহাশয়।
গুণকৰ নামে এক নৃপতি আছয়॥
তানে কন্যা সুলোচনা ৰূপৱতী আতি।
আনন্দে গৈলৈহোঁ তাঙ্ক বিবাহিবে প্ৰতি॥

বিবাহ কালত কন্যা ভৈলা অন্তৰ্দ্ধান।
সেহি কন্যা পাইবে প্ৰতি ছাৰো মই প্ৰাণ॥
শুনি বীৰবৰে বোলে শুনিয়ো কুমাৰ।
নিশ্চয় জানিলোঁ আক অজিজ্ঞাসি বৰ॥