পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮৯
মাধৱ সুলোচনা।

বাঘ নৃত্য গীত  কৰে নিত নিত,
  কতো কৰে উপবাস।
কতো ফলাহাৰ  হবিষ্য আহাৰ,
  কৰয় অতি প্ৰয়াস॥
আৰু এক কথা  কৰিলন্ত তথা,
  বীৰবৰে বিচক্ষণ।
ভৃত্য সব আনি  বুলিলন্ত বাণী,
  শুনাহা মোৰ বচন॥
কন্যা অনুৰাগি  এহি তীৰ্থে লাগি,
  মৰিবে আশে যি জন।
তেতিক্ষণে তাক  আমাৰ সভাক,
  আনিবাহা দূতগণ॥
আত অনন্তৰে  প্ৰচেষ্ট পাপৰে,
  বিবাহৰ দ্ৰব্য লই।
ঘোটকে সহিতে  কন্যাক তহিতে,
  নেদেখিলা তথা গৈই॥
পৰি পৃথিবীত  শোকত মূৰ্চ্ছিত,
  কৰিবে লৈলা ক্ৰন্দন।
মৰিলোঁ অভাগি  গৈলা কৈক লাগি,
  প্ৰাণ প্ৰিয়া সুলোচন॥
পায় একাকিনী  কে নিলা কামিনী,
  পৰম সতী সুন্দৰী।
মোক নাসা দেখি  গৈলেক উপাখি,
  ঘৰে গৈলা ঘোড়া চৰি॥
কিবা বিদ্যাধৰ  আৰু মাধৱৰ,
  বিয়োগত শোক পাই।
জানো মহাসতী  নভজিয়া পতি,
  কৈত বা মৰিলা যাই॥

১৩৭