পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮৬
অসমীয়া সাহিত্যৰ চানেকি।

আপুনি বা পৰে দিয়া হৰে ব্ৰহ্মবৃত্তি।
কুলে সমে নৰ্কে পৰে নাহিকে নিষ্কৃতি॥
পৰদত্ত বৃত্তি যিতো নৃপতি ৰাখৰ।
শত গুনে পুণ্য পাত্ৰ কহিলোঁ নিশ্চয়॥

যমৰ বচনে নৰকত দিলা ঠাই।
চিৰকাল আছিলোঁ নৰকে পঙ্কা খাই॥
ভোগ উপশনে গণ্ড হুয়া জনমিলোঁ।
পুণ্য প্ৰাণী সব মাৰি পাপক সঞ্চিলোঁ॥

দৈৱ বশে মোক তুমি মাৰিলাহা সতী।
দুৰ্লভ তীৰ্থত মৰি লভিলোঁ সদগতি॥
চলিও সুন্দৰী তযু হওঁক কুশল।
অল্প কালে নিজ পতি পাবাহা বিকল॥

শুনি বীৰবৰে নমিলন্ত তাৰ পাৱ।
ৰঙ্গ মনে চলি গৈলা নৃপতিৰ ঠাৱ॥
প্ৰণামি ৰাজাত কহিলন্ত বীৰবৰ।
মহাৰাজ তযু আজ্ঞা পালিলোঁ কিঙ্কৰ॥

শুনি ৰাজা প্ৰশংসিলা বসনে ভূষিলা।
নিজ কন্যা জয়ন্তীক তান্তে বিহা দিলা॥
গঙ্গা সাগৰৰ অধিকাৰী পাতি থৈলা।
সৰস পাঞ্চালি এহি দ্বিজবৰে কৈলা॥

ব্যাস নিগদতি  শুনা মহামতি,
  আত অনন্তৰে কথা।
জয়ন্তী সহিতে  বীৰবৰে তৈতে,
  কৰিলা তপস্যা যথা॥
মাধৱক পতি  পাইবা কৰি নতি,
  তীৰ্থত পূজিলা হৰি।
প্ৰাসে জাগিয়া  তীৰ্থত স্নানিয়া,
  পূজা কৰে ভক্তি কৰি॥