ধুৰা—ভাৱে দেৱী সুলোচনা হে॥
প্ৰচেষ্টক জানি সতী চিন্তে শোক কৰি।
সমূলি মৰিলাঁ অভাগিনী হৰি হৰি॥
কৈক যাইবো কি কৰিবোঁ শোকে বুক ফাটে।
হেন সে দাৰুণ বিধি লেখিলা ললাটে॥
কৈত ৰৈলা পিতৃ মাতৃ কৈত বিদ্যাধৰ।
কৈত ৰৈলা প্ৰাণ নাথ মাধৱ কুমাৰ॥
দেখোঁ ধিক ধিক ধিক বিধিৰ ঘটনা।
ইসব ভাবিয়া পাছে বোলে সুলোচনা॥
বিবাহ কৰিয়ো মোক কৰিয়ো গ্ৰহণ।
অবিবাহে মোক তুমি নকৰা গ্ৰহণ॥
এৰিয়োক কাম ভাৱ ৰাখিয়োক মন।
বিবাহৰ উপহাৰ আনিয়ো এখন॥
আদৰি কোমল কৰি বুলিলা বচন।
বুজিতে নৰিলা তাক প্ৰচেষ্ট দুৰ্জ্জন॥
শুনি প্ৰচেষ্টৰ বৰ ৰঙ্গ ভৈলা মন।
কন্যাত খুজিয়া লৈলা হাতৰ কঙ্কন॥
ঘোটকে সহিতে তাতে সুন্দৰীক থৈলা।
উপহাৰ আনিবাক সিতো চলি গৈলা॥
কি কৰিবোঁ কৈক যাইবোঁ সুলোচনা ভাবে।
ইহেন শঙ্কটে মোক কোনে নিস্তাৰিবে॥
ইহাতে থাকিবে প্ৰতি নেদেখোঁ উচিত।
তীৰ্থে গৈয়া মৰোঁ যেৱে নোহে সিয়ো হিত॥
বিদ্যাধৰ মাধৱ যে প্ৰচেষ্ট দুৰ্জ্জন।
মোৰ গাৱে বধ দিয়া ছাৰিবে জীৱন॥