পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৬০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৭৯
মাধৱ সুলোচনা।

শুনিয়া হেন সুচনী  হাসিয়া বোলয় বাণী,
  লাজতে বসন ঢাকি মুখ।
পত্ৰতে লেখিছো আমি  তুমিসে আমাৰ স্বামী,
  এৰ প্ৰভু হৃদয়ৰ দুখ॥
বিদায় দিয়োক আবে  আপোন ঘৰক যাইবে,
  বিধিয়ে যি কবে হুইবে সেই।
কুমাৰে বোলয় বাণী  শুন সুবদনী ধনী,
  যাওঁ হেৰা বচন লোগাই॥
আতো থাকো বোলা যেবে  অহঙ্কাৰ সিজে তেবে,
  যেই কৰা আপোন ইচ্ছাই।
তাঙ্ক নমস্কাৰ কৈলা  সুলোচনা ঘৰে গৈলা,
  দ্বিজবৰো এহি গীত গাই॥

ধুৰা—চলিলা আপোন ঘৰে গজেন্দ্ৰ গামিনী হে॥

সুলোচনা চলি গৈয়া আপোনাৰ ঘৰ।
অনন্তৰে সময় মিলিলা বিবাহৰ॥
ত্ৰিবিক্ৰম নৃপতিৰ পুত্ৰ বিদ্যাধৰ।
কাছি পাৰি আসিলন্ত কাৰ্য্যে বিবাহৰ॥

গুণকাৰ ৰাজা পাছে পাতিলা উৎসৱ।
মঙ্গল কৰিবে লৈলা দিব্য নাৰীসব॥
হেম ঘট ধৰি নাৰীগণে আনে জল।
কন্যাক কৰাইয়া স্নান কৰে সুমঙ্গল॥

কন্যাক অনেক ৰত্নে কৰিয়া ভূষিত।
জোকাৰ কৰয় কতো কতো গাৱ গীত॥
উভয় দলৰ মহাশবদ উঠিলা।
হস্তী ঘোটকৰ ৰাৱে শবদ পুৰিলা॥

১৩৬