দেখিলা মাধৱ বীৰ শুতিয়া আছয়।
ৰূপ দেখি সুলোচনা লভিলা বিস্ময়॥
নিৰখিতে বাঢ়ি যাই নয়ন তৃপিতি।
মনত কৰিলা থিৰ এহি মোৰ পতি॥
মালিনী বোলয় বীৰ শুতিয়া আছয়।
নিদ্ৰাত পুৰুষ জানা মৃত্যুক আহ্বানয়॥
নিদ্ৰাৰ তুলিয়া মই দেখাও কুমাৰ।
সৰস পাঞ্চালী ভণে দীন দ্বিজবৰ॥
⸻
ধুৱা—ছাব শয়ন সুখ, দেখা প্ৰিয়াৰ মুখ।
উঠা উঠা দেৱ যুবৰাজ॥
বাণী শুনি মালিনীৰ জাগিয়া মাধৱ বীৰ,
শয্যাত বসিয়া ভৈলা সাজ॥
জাগিয়া দেখিলা পাছে কন্যা এক বসি আছে,
বাম অঙ্গে আছে কৃষ্ণ তিল।
এহি সুলোচনা কন্যা ত্ৰিজগতে জানে ধন্যা,
মনে জানি আনন্দ মিলিলা॥
মাধৱে বোলন্ত বাণী শুনিয়ো সজনী ধনী,
কতো ভাগ্যে তোমাক দেখিলোঁ।
দেখিয়া তোমাৰ মুখ দূৰ গৈলা মন দুখ,
সুখময় সাগৰে মজিলোঁ॥
বদন দেখন্তে তোৰ জীৱন জনম মোৰ,
সাফল ভৈলেক প্ৰাণ প্ৰিয়া।
মোহোক ভজিয়া সুখী হয়োঁ তুমি চন্দ্ৰমুখী,
মোৰ প্ৰাণ ৰাখিওঁ ভজিয়া॥
তোমাক কৰিবো দৃষ্টি বিধাতা কৰিয়া সৃষ্টি,
যতেক সুন্দৰী সংসাৰত।
যতেক সুন্দৰ আন কৰি আনি এক থান,
থৈলা বিধি তযু শৰীৰত॥