পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৭৬
অসমীয়া সাহিত্যৰ চানেকি।

তথাপি শ্ৰমত সিদ্ধি কহে সৰ্ব্বলোক।
শ্ৰমত নিসিজে যদি এড়ি দিবোঁ শোক॥
এহি বুলি কুসুমৰ মালাকে গান্ঠিলা।
পুষ্পৰ পত্ৰত সৰ্ব্ব কাৰ্য্যক লেখিলা॥

বিক্ৰম ৰাজাৰ পুত্ৰ যশোদা মাধৱ।
চন্দ্ৰকলা কৈলা মোত তযু গুণ সৱ॥
শুনি তযু ৰূপ গুণ ভৈলোঁ বিমোহিত।
সাগৰ তৰিয়া আইলোঁ ঘেটকে সহিত॥

ভজিয়ো কামিনী মোক পশিলোঁ শৰণ।
মইসে জানিছোঁ তযু ৰূপ গুণ গণ॥
কমলাৰ যত গুণ ভ্ৰমৰে জানয়।
নজানয় তাক জানা ভেক সমস্তয়॥

আঙ্গুঠি সহিতে পাছে সেহি মালাখান।
মালিনীৰ হাতে দিলা মাধৱ সুজান॥
মালিনী বিস্ময় কৰি সেহি মালা নিলা।
কন্যাৰ আগত দিয়া ভয়ে অন্তৰিলা।

পুষ্পৰ পত্ৰত কন্যা দেখিলা অক্ষৰ।
পঢ়ি মালিনীত কথা পুছে নিৰন্তৰ॥
মালিনী কহিলা মাধৱৰ ৰূপ গুণ।
দ্বিজবৰে ৰচিলা পাঞ্চালী সবে শুন॥

ধুৱা—ভবতৰণ হেতু শ্ৰীৰাম নাম,
   সকল নিগমে এহি সাৰ॥

শুনিয়া বিস্ময় ভৈল কন্যা সুলোচনা।
পত্ৰৰ পিঠিত পূৰ্ণ লেখি বিচক্ষণ॥
যুবৰাজ! তোমাৰ লিখন মই পাইলোঁ।
তযু ৰূপ গুণ শুনি মনেৰে ভজিলোঁ॥