যদি লোকে তাপ দেই উত্তম জনত।
নথাকন্ত চিৰকাল সাধুৰ হৃদিত॥
অগনি তাপত যদি তপ্ত হৱে জল।
অগনি বিয়োগে শীঘ্ৰে হৱয় শীতল॥
যদি কুশ দেহা তভো আছে গুণগণ।
দীপৰ অগনি যেন দহে মহাবন॥
এহি বুলি ঘোটকক নমি যুৱৰাজ।
আপুনি ঘোটক নিয়া কৰিলন্ত সাজ॥
শুভক্ষণে ঘোটকত চৰিলা কুমাৰ।
প্ৰচেষ্ট দাসক লৈল ঘোড়াব উপৰ॥
মহাবেগে পাইলা সাগৰৰ পাছে পাৰ।
বিচাৰি পাইলন্ত পাছে মালিনীৰ ঘৰ॥
মালিনীক বোলয় ওৰে শুনিয়োক আই।
এক নিশা অতিথিক মোক দিয়া ঠাই॥
মালিনী সাদৰে নিলা আপোনাৰ ঘৰ।
মাধৱে বঞ্চিলা নিশা কয় দ্বিজবৰ॥
ধুৱা—ভাই ৰাম বোলা নৰে, বদন ভৰিয়া ভাই,
ৰাম বোলা নৰে॥
প্ৰভাত কালত উঠিলন্ত মহাভাগ।
সবিশেষ কথা কৈলা মালিনীৰ আগ॥
মালিনী কহিলা অজি অধিবাস হৈব।
কালি কন্যা বিহা কৰি বিদ্যাধৰে নিব॥
শুনিয়া মাধৱ বৰ মিলিলাহা ত্ৰাস।
হাঁ আই কি কৰিলোঁ ভৈলোঁ সৰ্ব্বনাশ॥
যাক লাগি বন্ধু বৰ্গ ছাৰিলোঁ সকল।
যত যত্ন কৈলো ভৈলা সকল বিফল॥