পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


দীন দ্বিজবৰ।

পাঞ্চালী।

মাধৱ-সুলোচনা।

ধুৱা—জয় হৰি বোলা মুখে, জয় ৰাম বোলা সুখে।
  তৰিয়া সংসাৰ সিন্ধু যাওঁ মহা সুখে॥

মাধৱে শুনিলা চন্দ্ৰকলাৰ বচন।
বুলিবে লাগিলা পাছে থিৰ কৰি মন॥
কেন মতে সুলোচনা দৰশন পাইবোঁ।
সাগৰৰ পাৰ হুই কেন মতে যাইবোঁ॥

কোন চিন ধৰি কন্যা চিনিবোহোঁ যাই।
কহিয়ো সুন্দৰী মোত ইসব উপাই॥
চন্দ্ৰকলা বোলে শুনা কথা যুবৰাজ।
উপায় কৰিলে তযু সিজিবেক কাজ॥

বাম অঙ্গে আছে কৃষ্ণতিল এক গোট।
সুবৰ্ণ পৰ্ব্বতে যেন অঞ্জনৰ ফোট॥
সেহি চিনে চিনিবাহা কন্যা সুলোচনা।
অতি ৰূপৱতী সৰ্ব্ব গাত্ৰ সুলক্ষণা॥

আছয় গন্ধনী নামে তাহান মালিনী।
তাইৰ অনুগ্ৰহে তুমি কন্যা পাৱা চিনি॥
আছে এক ঘোড় উচ্চৈঃশ্ৰবা হন্তে জাত।
ভদ্ৰশ্ৰৱা নামে ঘোড়া তোমাৰ শালত॥

সেহি ঘোড়া চৰি হৈবা সাগৰৰ পাৰ।
কথা শুনি আনন্দ মিলিল মাধৱৰ॥
সৈন্য সব লৈয়া নিজ নগৰে আসিলা।
স্নান কৰি চন্দ্ৰকলা গৃহক চলিলা॥