পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০৭২
অসমীয়া সাহিত্যৰ চানেকি।

কলাৱতী কোলে কৰি  পৃথিবীত গড়া গড়ি,
  কান্দে সাধু সকৰুণ মনে।
কন্যা মোৰ শিশু মতি  স্বামী বিনে নাহি গতি,
  কোন হেতু অকাল মৰণে॥
কলাৱতী বোলে বাপ  শৰীৰ নসহে তাপ,
  প্ৰাণ পুৰে প্ৰভু নাদেখিয়া।
সেৱিলাম নাৰায়ণ  সবে ভৈলা অকাৰণ,
  মৰিবোঁ সাগৰে ঝাপ দিয়া॥
মাৱে জীয়ে গলাগলি  কান্দে সাধু লক্ষপতি
  কোন হেতু কৈলা নাৰায়ণ।
কহে দ্বিজ বিশ্বেশ্বৰ  জীৱে তোৰ প্ৰাণেশ্বৰ,
  দয়া কৰে যদি নাৰায়ণ॥