পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০৭১
সত্য নাৰায়ণ—পাঞ্চালী।

এতেক কহিলা যদি সত্যনাৰায়ণ।
পূৰ্ব্বৰ বৃত্তান্ত সাধু কৰিলা স্মৰণ॥
গলত বসন বান্ধি বোলে সদাগৰ।
লক্ষ মুদ্ৰা বন্ধা থৈলোঁ তোমাৰ গোচৰ॥

গৃহে যাই প্ৰথমতে কৰিবো সেৱন।
হেন কালে চৰে আসি কহিলা কথন॥
ঘাটে আইলা সদাগৰ ধন মাল লৈয়া।
সত্বৰে জনাইলা পাছে অন্তঃপুৰে গৈয়া॥

স্বামী আসিলা বুলি ৰঙ্গ ভৈলা মনে।
কলাৱতী প্ৰসাদক থৈলা গানে গানে॥
ত্বৰিত গমনে কৈলা অগৰু মাৰ্জ্জন।
স্বামীক দেখিতে গৈলা খঞ্জন গমন॥

সুত ধ্বনী সাধুৰ ৰমণী লীলাৱতী।
প্ৰসাদ নাখাই গৈলা যথা নিজ পতি॥
তাতে সত্যনাৰায়ণে কিছু পাইলা চল।
শঙ্খপতি সাধুৰ নৌকা ঘাটে গৈলা তল॥

ডাহিন বামতে তবে চাহে সদাগৰ।
জামাতা নেদেখি সাধু ভৈলা শোকাতুৰ॥
জামাতা জামাতা বুলি ডাকে ঘনে ঘনে।
ভূমিত পৰিয়া সাধু ভৈলা অচেতনে।

বিপদে পৰিলোঁ বুলি কহে বিশ্বেশ্বৰ।
লেচাৰি কৰিলা এক পদ মনোহৰ॥

  কান্দে সাধু কৰিয়া বিষাদ।
নানা ৰত্নে ভৰা ভৰি  অবিলম্বে আইলোঁ পুৰি,
  তাতে হেন মিলিল প্ৰমাদ॥

১৩৫