পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬৪
অসমীয়া সাহিত্যৰ চানেকি।

সেহি স্থানে বাসাবাৰি কৰিলা নিৰ্ম্মাণ।
বিকিতে কিনিতে তবে পাতিলা দোকান॥
চৌৰ পঠাই দিলা ৰাজা অন্তৰস পুৰে।
ৰাজাৰ যতেক ধন চুৰি কৈলা চোৰে॥

ৰাজা ঘৰ চোৰ কটোৱাল কাম্পে ডৰে।
সাড়া কাড়া দিয়া ফুৰে বাজাৰে বাজাৰে॥
বিচাৰি চাহিলা তাৰা চোৰক নাপায়া।
কান্দিতে লাগিলা তাৰা আত্মঘাত হুয়া॥

এইৰূপে দুঃখ ভয়ে কৰয় ক্ৰন্দন।
অন্তৰীক্ষে সান্তনা বুলিলা নাৰায়ণ॥
আকাশী বচন শুনি চতুৰ্দ্দিশে চাইলা।
বচন শুনিলা মাত্ৰ কিছো নেদেখিলা॥

শুনা শুনা বোলে পাছে সত্যনাৰায়ণে।
এই বেটা চুৰি কৰি বসিছে দোকানে॥
আকাশী বচন শুনি চমকিত হুয়া।
সাধুৰ নিকটে গৈলা শীঘ্ৰগতি ধায়া॥

শ্বশুৰ জামাতা দুই একত্ৰে বান্ধিয়া।
ৰাজাৰ নিকটে চোৰ ভেণ্টাইলন্ত নিয়া॥
লুটিয়া নিলেক ধন চোৰৰ নৌকাৰ।
প্ৰকুপিত হুয়া বোলে ৰাই ৰাজেশ্বৰ॥
বন্দীশালে ৰাখা নিয়া দ্বাদশ বৎসৰ॥

দাৰু কটোৱালগণ ৰাজ আজ্ঞা পাই।
পোতাশালে বন্দী কৈলা শ্বশুৰ জোৱাঁই॥
এহি মতে বন্দী সাধু দ্বাদশ বৎসৰ।
লোকে বুঝিবাৰে কহে দ্বিজ বিশ্বেশ্বৰ॥

সাধুৰ ধতেক কথা ৰোক এহি মানে।
গৃহৰ যতেক কথা শুনা সাৱধানে॥
সাধু ধন দিয়া গৈলা বাণিজ কৰিতে।
খৰচ ভৈলেক সবে পন্থ নিৰিক্ষতে॥