পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০৬৩
হিতোপদেশ।

এতেকে তোমাৰ স্থানে কৰিলো বিনয়।
কিবা পুত্ৰ কিবা কন্যা মোৰ গৃহে হয়॥
তেবেসে জানিবো দৃঢ় সত্য নাৰায়ণ।
সুবৰ্ণ পতাকা দিয়া কৰিবোঁ সেৱন॥

লোকে বোলে শুন সাধু আমাৰ বচন।
কৰ নাৰায়ণ সেবা হৈবেক কুমাৰ॥
দম্ভ সদাগৰে বোলে কামনা কৰিয়া।
স্বদেশে চলিলা সাধু নৌকাত চৰিয়া॥

সত্বৰে পশিলা গৈয়া আপোন নগৰে।
প্ৰযত্নে পূজিয়া তাৰ লৈয়া গেল ঘৰে॥
আনন্দিত সদাগৰ চতুৰ্দ্দোলে চৰি।
পুৰে প্ৰবেশিলা চতুৰঙ্গ দলে বেঢ়ি॥

এহি মতে নানা দিন আছে লক্ষপতি।
গৰ্ভৰ লক্ষণ পাছে হৈলা লীলাৱতী॥
কতো দিনে সাধু ঘৰে এক কন্যা হৈলা।
নানা বাদ্য ভাণ্ড আনি মঙ্গল কৰিলা॥

শিশুকাল গৈল তাৰ বাঢ়িল যৌবন।
চিন্তিতে লাগিলা সাধু বিবাহ কাৰণ॥
কাঞ্চন নগৰ এক পুৰি অনুপাম।
বণিজ কুলত জাত শঙ্খপতি নাম॥

মদন মোহন ৰূপ আতি মনোহৰ।
বৰিয়া আনিল লক্ষপতি সদাগৰ॥
বহুত আৰম্ভে বিহা কৈলা শঙ্খপতি।
যেমত সুন্দৰী কন্যা অপৰূপৱতী॥

সত্য সেৱা নকৰিয়া কন্যা বিহা দিলা।
জামাতাক সঙ্গে কৰি বাণিজ্যে চলিলা॥
সমুখে দেখিলা এক ৰাজাৰ নগৰ।
সেই ৰাজ্যে নৌকা লগাইলেক সদাগৰ॥

১৩৪