পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮৪৩
হয়গ্ৰীৱ মাধৱ

পাছে প্ৰভু সভাক ছাড়িয়া ।
ব্ৰাহ্মণৰ স্কন্ধে চড়ে গৈয়া ॥
সঙ্গে চলে ভক্ত সমস্তয় ।
পুনু দৌলে প্ৰবেশ কৰয় ॥
অনন্তৰে বিৱহৰ চিয়া ।
গীত গাৱে ৰাগ আলাপিয়া ॥
পাছে পদ কৰয় কীৰ্ত্তন ।
সন্তোষিয়া সজ্জনৰ মন ॥
পুৰাণ, ভাৰত, ভাগৱত ।
ৰামায়ণ আনো শাস্ত্ৰ যত ॥
পদবন্ধে গাৱে অবিৰাম ।
মাধৱৰ কথা অনুপাম ॥
এবে শুনিয়োক নিৰন্তৰে ।
তাত পাছে সংকীৰ্ত্তন কৰে ॥
কৃষ্ণ চৈতন্যৰ গুণ গাৱে ।
কতোহো বাগৰে প্ৰেমভাৱে ॥
খনো কান্দে, খনো লাজ এৰি ।
গোৰা বুলি দেই ধাউ গেৰি ॥
কৃষ্ণ ৰূপ হৃদয়ত ধৰি ।
কতোহো বোলয় হৰি হৰি ॥
প্ৰসঙ্গ সংহৰি এবে থওঁ ।
মধ্যাহ্ন কালৰ কথা কওঁ ॥
ৰন্ধন শালাত বিপ্ৰগণ ।
ৰান্ধে নানা বিবিধ ব্যঞ্জন ॥
দধি, দুগ্ধ, ঘৃত যে পায়স ।
পঞ্চামৃত, মধু, ষড়ৰস ॥
থালত থোৱয় ভাগে ভাগে ।
নিবেদয় মাধৱৰ আগে ॥
পূজা পায় আনন্দ লভয় ।
পাছে প্ৰভু ভোজন কৰয় ॥