লক্ষ্মী বোলে ঐৰে শুনিয়োক বীৰবৰ।
উপায় আছয় এক আত ৰহিবাৰ॥
শক্তিবৰ আছে যিতো তোমাৰ তনয়।
বত্ৰিশ লক্ষণ তাৰ শৰীৰে আছয়॥
সৰ্ব্বমঙ্গলাকে দিয়া তাকে বলি কৰি।
তেবে শূদ্ৰ নৃপতিৰ ৰহে বসুন্ধৰী॥
অমঙ্গল গুচে ভৱানীৰ প্ৰসাদত।
সৰ্ব্ব মঙ্গল সাধে সকলে কাৰ্য্যত॥
তেবে পুনৰ্ব্বাৰ মই ৰহিবোঁ ইহাত।
এহি বুলি অন্তৰ্দ্ধান ভৈলেক তথাত॥
তৈৰ হন্তে বীৰবৰ নগৰক যাই।
নিজৰ ভাৰ্য্যাক তেহে তুলিলা জোগাই॥
নিদ্ৰা এৰি ভাৰ্য্যা পুত্ৰে শয্যাত বসিল।
বীৰবৰে লক্ষ্মী বাক্য সমস্তে কহিল॥
লক্ষ্মী বাক্য শুনি আনন্দিত শক্তিবৰ।
স্বামী ৰক্ষা যাইবে মোৰ ধন্য কলেবৰ॥
দেবী ভোগ লাগিবেক মোৰ কলেবৰ।
ৰাজ্য ৰক্ষা যাইব কাৰ্য্য সিজিব নৃপৰ॥
কৰিয়ো সত্বৰ বিলম্বক নুযুৱাই।
পৰ অৰ্থে দেহ ত্যাগ শ্লাঘাতকে পাই॥
পৰ অৰ্থে ধন জীৱ পণ্ডিত তেজয়।
নিশ্চিতত প্ৰাণ ত্যাগ সবে নৰে কয়॥
কুৎসিত শৰীৰ ইতো অনিমতে যাই।
কাৰ্য্য অৰ্থে যাইবে আত নৰে শ্লাঘনই॥
মাতৃ বোলে হেন যদি কৰণ নযাই।
বৰ্ত্তন নিমিত্তে ধাৰ কমনে এৰাই॥
এহিমতে আলোচিয়া চিন্তিয়া উপাই।
সবে গুচি গৈল সৰ্ব্ব মঙ্গলাৰ ঠাই॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৩৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫৮
অসমীয়া সাহিত্যৰ চানেকি।