পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫৭
হিতোপদেশ।

ৰাজাৰ আগত বাৰবৰ নিগদতি।
যেনে আজ্ঞা কৰা তেনে কৰিবোঁ সম্প্ৰতি॥
হাতে খড়গধৰি অন্ধকাৰ নিশা যাই।
চিন্তিবে লাগিলা ৰাজা তাহাঙ্ক পঠাই॥

উচিত নোহয় পাঞ্চিবাক এক জন।
অন্ধকাৰ নিশা ৰাজ কুমাৰ শোভন॥
ইহাৰ পাচতে আজি মই চলি যাইবোঁ।
ভাল মন্দ যিবা তাৰ নিদৰ্শন পাইবোঁ॥

তান পথ অনুসৰি খড়গ ধৰি যাই।
নগৰৰ বাজ ভৈলা তান পাছে যাই॥
বীৰবৰে দেখে দূৰে কান্দে নাৰী জন।
তৰুণ বয়সী নাৰী ৰূপত শোভন॥

প্ৰফুল্ল কমল যেন বদন মণ্ডল।
তাৰ যেন ঝাকি পাৰে ভূষণ সকল॥
শ্ৰীফল সদৃশ স্তন হৃদয়ৰ মাঝে।
মেঘ ফুটি চন্দ্ৰ দুই যেন ভৈল বাঝে॥

বীৰবৰে বুলিলেক তাঙ্ক লগ পাই।
কোন তুমি কেনে কান্দা থাকা কোন ঠাই॥
নাৰী বোলে এহি ৰাজ্যে শূদ্ৰ নৰেশ্বৰ।
তাৰে লক্ষ্মী তাৰে থান থাকো নিৰন্তৰ॥

তাৰ বাহুবলে কৰি আছে প্ৰতিপাল।
নাহি শ্ৰম সুখে বঞ্চোঁ তাৰে বাঞ্ছোঁ ভাল॥
আবে কৈক যাইবোঁ মই কৈত লৈবোঁ ঠাই।
আতে সে কান্দোহো আন প্ৰয়োজন নাই॥

যতেক আপদ তাৰ আছে প্ৰতিকাৰ।
আপদৰ হন্তে কৰো উপায়ে উদ্ধাৰ॥
এহি শুনি বীৰবৰে পুছিলা উপাই।
কেন মতে হবে পুনু ৰহিবাৰ ঠাই॥