পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫৬
অসমীয়া সাহিত্যৰ চানেকি।

তোমাৰ কৃপাত  হোৱে আসি জান,
  আচৰণ মহা শুব্ধ।
আচৰিলে পাই  হৰিক সদাই,
  ধেনুত যেমতে দুগ্ধ॥
পৰম কৃপালু  হৰি বিনে জানা,
  মোৰ গুৰু নাহি কেৱ।
তাহান চৰণে  পশিয়া শৰণ,
  অকপটে কৰা সেৱ॥
কলিৰ যুগত  ভাৰত ভূমিত,
  নৰতনু আছা পাই।
আপুন কৰ্ত্তব্য  সাধিবাহা যেবে,
  ফুৰা হৰি গুণ গাই॥
মই মহাপাপী  নজানোহো একো,
  গৰুতে অধম গৰু।
চৰণ সেৱাত  কৃপাকৰি থৌউ,
  তুমি পুনু কল্পতৰু॥
পৰম পতিত  নজানো অধম,
  নিয়োক প্ৰভু উদ্ধাৰি।
ইতো গ্ৰন্থ পদ  কৰিতে নুৱাৰোঁ,
  ৰাখিয়োক ভৃত্য কৰি॥
দেৱ ব্ৰাহ্মণক  কিছোকো নজানো,
  ভদ্ৰসেন আজ্ঞা কাম।
ৰামমিশ্ৰে ভণে  সমজ্যাৰ জনে,
  ডাকি বোলা ৰাম ৰাম॥

কৃষ্ণা চতুৰ্থীত শুনি কাৰুণ্য ক্ৰন্দন।
শূদ্ৰ ৰাজা বোলে ঐৰে আছা কোন জন॥
কুমাৰ বদতি মই আছোঁ বীৰবৰ।
ৰাজা বোলে কোনে কান্দে বুঝিয়ো সত্বৰ।