পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০৫৫
হিতোপদেশ।

এহি মতে চিত্ত  নিয়োজন কৰি,
  সমাপিয়া নিত্যকৃত্য।
ভক্ষ ভোজ্য কৰি  হাতে খড়গ ধৰি,
  উপাসয় প্ৰীতিনিত॥
যিকালত ৰাজা  আপুনি পাঞ্চয়,
  তেবে গৃহ লাগি যাই।
নপাঞ্চিলে সিতো  হাতে খড়গ ধৰি,
  উপাসি থাকে সদাই॥
শুনা সৰ্ব্বজন  এৰা আন মন,
  নীতিক তোৰ আচৰা।
আচৰিলে নীত  বৃদ্ধি হয়ে স্থিত,
  কৃষ্ণত ভকতি ধৰা॥
ভাৰতবৰ্ষত   কলিৰ যুগত,
  নৰ তনু আছি পাই।
ভজনৰ যোগ্য  নৰতনু বিনে,
  আন জন্ম নাই নাই॥
গুৰু ঈশ্বৰৰ   চৰণে শৰণ,
  কায় বাক্য মনে ধৰি।
তান আজ্ঞা মানি  ভজা চক্ৰপাণি,
  সুদৃঢ় বিশ্বাস কৰি॥
তপ জপ হোম  দান তীৰ্থ স্নান,
  ইসবৰ যত ফল।
গুৰু ঈশ্বৰৰ  সেৱাত সকলে,
  মিলি আসি অধিবল॥
শ্ৰৱণ কীৰ্ত্তন  কৰা অনুক্ষণ,
  যত সমাজিক জন।
সংসাৰ সাগৰ  তৰিবাৰ হেতু,
  ধৰিয়ো কৃষ্ণ চৰণ॥

১৩৩