পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫৩
হিতোপদেশ।

অল্পকাল মানে  সেৱা কৰি সিতো,
  সাধিল হিত ৰাজাৰ।
চক্ৰবাকে বোলে  কেমন প্ৰকাৰ,
  কহিয়ো কথা তাহাৰ॥
ৰাজা নিগদতি  মন্ত্ৰীগণ প্ৰতি,
  ই পুনো কথা প্ৰধান।
বীৰবৰ নামে  নৃপতিৰ আছে,
  সৰোবৰ ক্ৰীড়া স্থান॥
কৰ্পূৰ মঞ্জৰী  নামে ৰাজহংস,
  তাইত আসকতি ভৈলোঁ।
কৰ্পূৰ লোকৰ  দুহিতাৰ সঙ্গে,
  সেহি সৰোবৰে গৈলোঁ॥
বীৰবৰ নামে  ৰাজাৰ কুমাৰ,
  দেশান্ত হন্তে আইল।
ৰাজদ্বাৰে ৰহি  দুৱাৰীৰ মুখে,
  ৰাজাৰ আগে জনাইল॥
বৰ্ত্তনক আসে  যাইবোঁ ৰাজ পাশে,
  ৰাজাৰ মই নন্দন।
ৰাজ সেৱা কৰি  ৰাজ পাশে ৰৈবোঁ,
  কৰা ৰাজা দৰিশন॥
কুমাৰৰ বাক্যে  দ্বাৰ পালে নিয়া,
  ৰাজাত দিলে ভেণ্টাই।
সেহি সময়ত  কুমাৰে বোলয়,
  নৃপতিৰ লাগ পাই॥
আমাসাত দেৱ!  আছে প্ৰয়োজন,
  দিয়োক তেবে বৰ্ত্তন।
শূদ্ৰ ৰাজা বোলে  কতেক বৰ্ত্তন,
  কৰিয়োক নিৰূপণ॥