পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫২
অসমীয়া সাহিত্যৰ চানেকি।

গৃধ্ৰ মহামন্ত্ৰী   দূতৰ বাক্যত
  লখিয়া বোলে বচন।
আমাৰ ইতো  বিশ্বাস কথাক,
  জানিল ইতো কেমন॥
আমাসাৰ লোকে  আৰ সঙ্গে যাই,
  কৰি আছে নিৰূপণ।
চক্ৰবাকে বোলে  আন নাহিকয়,
  কাকে সে হৈব এমন॥
ৰাজা বোলে ইতো  কথা নসম্ভবে,
  মেঘবৰ্ণ তেন নয়।
কথাক কহন্তে  শুকক মাৰিব,
  প্ৰবৰ্ত্তি পূৰ্ব্বে আছিয়॥
শুকৰ পাচতে  যুদ্ধক উৎসাহ,
  কৰিয়া তাৰা আছয়।
চিৰকাল যাওঁ  আমাৰ থানত,
  আছিল সিতো নিশ্চয়॥
মন্ত্ৰী বলে তভো  আগন্তুক জন,
  শঙ্কিব প্ৰভু লাগয়।
ৰাজা বোলে কতো  আগন্তুক জন,
  উপকাৰে প্ৰবৰ্ত্তয়॥
হিত আচৰয়  পৰো বন্ধু হয়,
  বন্ধুয়ে পৰ অহিত।
দেহতে জন্ময়  ব্যাধি হিত নয়,
  অৰণ্যও সাধে হিত॥
অপৰ বচন   শুন মন্ত্ৰীগণ,
  আগন্তুকো হোৱে হিত।
বীৰবৰ নামে   শূদ্ৰ নৃপতিৰ,
  আছিলোক এক ভৃত্য॥