পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪৯
হিতোপদেশ।

সংগ্ৰামে শকত  জানে অস্ত্ৰ যত,
  বিৰকতি যাৰ নাই।
স্বভাৱতে সুৰ  ক্ষত্ৰিয় প্ৰচুৰ,
  জিনিছে শ্ৰম সদাই॥
হেনয় ক্ষত্ৰিয়  নৃপতিৰ জানা,
  উত্তম বল বোলয়।
প্ৰভুৰ সন্মতে  যত প্ৰজা মানে,
  যেমনে যুদ্ধ কৰয়॥
বহু ধন দিয়া  তেমত প্ৰকাৰে,
  যুজাইবাক নপাৰয়।
হেন জানি ৰাজা  প্ৰজা সকলক,
  উৎসাহ দিবে লাগয়॥
সাৰ ভঙ্গ জন  অসাৰ ভঙ্গকো,
  বেকতে ভঙ্গ কৰাই।
প্ৰসন্ন নোহয়  স্থান নাহি কয়,
  দিবাৰ ভাগ হৰাই॥
কাল মাত্ৰ যাই  প্ৰতিকাৰ নাই,
  বৈৰাগ্য ইতো লক্ষণ।
আপুন প্ৰজাক  পীড়ণ কৰিব,
  শত্ৰু জিনিবাৰ মন॥
অতিশয় ৰূপে  শত্ৰুক জিনিবে,
  নথৈবে শেষ কিঞ্চিত।
সুখ সাধ্য হয়  শত্ৰুৰ পীড়ণ,
  উপায় ইতো নিশ্চিত॥
ৰাজাৰ পুত্ৰক  ভেদ কৰাইবেক,
  প্ৰলোভ তাকে দেখাই।
শত্ৰুৰ বলৰ  আকৰ্ষণে ৰাজা,
  ই পুনো বৰ উপাই॥