পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০৪৮
অসমীয়া সাহিত্যৰ চানেকি।

আপুন বেগক  শিথিল কৰয়,
  সততে যে সব থলে।
প্ৰবল অগ্নিক  যেন নিমাৱয়,
  পায়া বৰিষণ জলে॥
প্ৰাকাৰ পৰিখা  সবক খসাই,
  যাইবেক ৰত্ন মেলাই।
নৃপতিৰ মেল  সবৰ মাঝত,
  হস্তী সব বল নাই॥
নিজ অঙ্গ সমে  মাতঙ্গক লোকে,
  অষ্ট উড়ু বুলি কয়।
দুই দণ্ড মুণ্ড  লাঞ্জ চাৰি তৰি,
  এহি অষ্ট যুদ্ধ হয়॥
আতেসে হস্তীক  অষ্টাযুদ্ধ বুলি,
  শাস্ত্ৰৰ ইতো বচন।
গড় জঙঘলক  অশ্ব সমস্তক,
  বল সে মানি শোভন॥
থল বিগ্ৰহত  অৰ্চ্চাধিৰ ৰাজা,
  বিজয় হোৱে লোকত।
ইহাৰ উকুত  শুনিয়োক যেন,
  কহিছে অন্য শাস্ত্ৰত॥
হয়ত চৰিয়া  যিতো যুদ্ধ কৰে,
  দেৱৰ সিতো দুৰ্জ্জয়।
তাৰ বৈৰীগণ  যদি দূৰে থাকে,
  তথাপি হস্তে থাকয়॥
সমস্তে প্ৰজাৰ  পালন প্ৰথমে,
  যুদ্ধ কাৰা প্ৰয়োজন।
দিশ ভাল মন্দ  বিচাৰ কৰিব,
  পতিৰ কাৰ্য্য শোভন॥