পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০৪৭
হিতোপদেশ।

পৰ দেশে ৰাজা  প্ৰবেশ কালত,
  বনবাসী প্ৰজা যত।
তাসম্বাক আগ  কৰিয়া নৃপতি,
  চলিবে তাৰ পাচত॥
সি থলত ৰাজা  সি থলত কোষ,
  কোষ বিনে ৰজা নয়।
আপোন প্ৰজাক  দিবেক লাগয়,
  ভক্ষ্য ভোজ্য যিবা হয়॥
খাইবাক পাইলে সে  যুদ্ধ কৰয়,
  প্ৰাণকো উৎসৰ্গি যাই।
মনুষ্যৰ দাস  মনুষ্য নোহয়,
  অৰ্থৰেসে দাস প্ৰায়॥
গৌৰৱ লাঘৱ  যত পুৰুষৰ,
  ধনাধন নিবন্ধন।
পৰস্পৰে সবে  ৰক্ষণ কৰিয়া,
  বুজিব কৰি যতন॥
যদি অল্প সৈন্য  বেহুৰ মাঝত,
  কৰিতে তাক লাগয়।
সৈন্যৰ আগত  পদাতি নৃপতি,
  ইবাক লাগে নিশ্চয়॥
শত্ৰুক আবৰি  ধৰিবেক সৈন্যে,
  প্ৰজাক কৰি পীড়ণ।
ৰথ অস্ত্ৰ সমে  কৰিব সমৰ,
  নৌকায়ে লোক তৰণ॥
বৃক্ষে গুল্মে যাত  আবৰি থাকয়,
  হস্তী নৌকা নচলয়।
ধনু খড়গ বাৰূ  ধৰিয়া তাহাক,
  যুঝিবেক প্ৰজাচয়॥

১৩২